শিক্ষাতকৈ বিবাহত দুগুণ ধন খৰচ কৰে ভাৰতীয়ই, এক সমীক্ষাত প্ৰকাশ এই তথ্যৰ.....

national News

প্ৰত্যেকগৰাকী পিতৃ-মাতৃৰ এটা সপোন, যে নিজৰ সন্তানৰ বিয়াখন ধুমধামেৰে আতক ধুনীয়াকৈ পাতিব। ভাৰতৰ লগতে সমগ্ৰ বিশ্ববাসীৰ বাবে বিবাহ মানেই এক বিশাল আয়োজন। এখন বিয়াৰ বাবে বছৰ বছৰ ধৰি পৰিকল্পনা কৰা দেখিবলৈ পোৱা যায়।

বিশেষকৈ ভাৰতীয়সকলৰ বিবাহত বহু আগৰে পৰাই প্ৰস্তুতি আৰম্ভ হয়। দৰা-কইনাৰ সাজ-পোছাকৰ পৰা আৰম্ভ কৰি অতিথি আপ্যায়নলৈকে বিয়াৰ পৰিকল্পনা সকলো খৰচৰ ওপৰত নিৰ্ভৰশীল। সকলোৱে যিমান পাৰে কম-বেছি পৰিমাণে ধুমধামেৰে বিয়াখন আয়োজন কৰিবলৈ চেষ্টা কৰে।

কিন্তু এক সমীক্ষাত প্ৰকাশ পোৱা তথ্যৰ অনুসৰি, শিক্ষাতকৈ বিবাহত দুগুণ ধন খৰচ কৰে ভাৰতীয়ই। এই কথা শুনি হয়তো আপুনিও আচৰিত হৈছে, আচৰিত যেন লাগিলেও গ্লোবেল ইনভেষ্টমেণ্ট ফাৰ্ম জেফাৰিজওয়ে এই বিষয়ত এক সমীক্ষা চলাইছিল আৰু তাতে শেহতীয়াকৈ এনে তথ্য পোহৰলৈ আহিছে।

প্ৰতিবেদন মতে, ভাৰতৰ বিবাহক কেন্দ্ৰ কৰি প্ৰায় ১৩০ বিলিয়ন ডলাৰ, যিটো আমেৰিকাৰ ৭০ বিলিয়ন ডলাৰতকৈ প্ৰায় দুগুণ বেছি। বিদেশী সংস্থা জেফ্ৰিছে নিজৰ প্ৰতিবেদনত উল্লেখ কৰা অনুসৰি, ভাৰতত প্ৰতি বছৰে ৮০ লাখৰ পৰা ১ কোটি বিবাহ হয়, আনহাতে আমেৰিকাত ২০-২৫ লাখ বিবাহ হয়।

উল্লেখ্য যে, ভাৰতীয়সকলে এখন বিয়াত গড়ে ১২.৫ লাখ টকা খৰচ কৰে। সেইটো দম্পতীৰ প্ৰাক বিদ্যালয়ৰ পৰা স্নাতকলৈকে শিক্ষাৰ খৰচৰ প্ৰায় দুগুণ। অৰ্থাৎ ভাৰতীয় দম্পতীয়ে প্ৰাক-প্ৰাথমিক পৰ্যায়ৰ পৰা স্নাতক পৰ্যায়লৈকে শিক্ষা সমাপ্ত কৰিবলৈ যিমান টকা খৰচ কৰে, তাৰ তুলনাত অকল বিবাহৰ বাবে দুগুণ টকা খৰচ কৰে। কেৱল সেয়াই নহয়, ভাৰতৰ জনমূৰি আয় আঢ়ৈ  লাখ টকা। অৰ্থাৎ জনমূৰি আয়ৰ পাঁচ গুণ এখন বিয়াত ব্যয় কৰা হয়।

Category