বান পৰিস্থিতিক লৈ ৰাজ্যিক কেবিনেটৰ বৈঠকত বহুকেইটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ....

assam cabinet

ইতিমধ্যেই দিছপুৰত সম্পন্ন হৈছে ৰাজ্যিক কেবিনেটৰ বৈঠক। এই বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। ৰাজ্যৰ সাম্প্ৰতিক বান পৰিস্থিতিক লৈ বিশদ আলোচনা কৰা হৈছে ৰাজ্যিক কেবিনেটৰ বৈঠকত।

উল্লেখ্য যে, ২৮ খন জিলাৰ ২,২০৮ খন গাঁও বানাক্ৰান্ত হৈ মানুহৰ মাজত দুখককককক কোলাই পাচিৰে নধৰা হৈছে। ৮৪ টাকৈ ৰাজহ চক্ৰ বানৰ কৱলত। বানত ক্ষতিগ্ৰস্ত হৈছে ৪০ টা মথাউৰি। বৰ্তমানলৈকে ৩৮ গৰাকী লোকৰ মৃত্যুৰ খবৰ আহি পৰিছে।

৯২২টা পথ ক্ষতিগ্ৰস্ত হৈছে সাম্প্ৰতিক বানত। বানত বৰ্তমানলৈকে ভাগিল ৫২খন দলং। ১৮ হাজাৰ মেট্ৰিক টন চাউল দিয়া হৈছে সাহায্য হিচাপে। ১৫ আগষ্টৰ পূৰ্বে ক্ষতিগ্ৰস্ত লোকে পাব সকলো সহায়। জিলাই জিলাই বাহৰ পাতিব মুখ্যমন্ত্ৰী, মন্ত্ৰীসকলে। বৰাকলৈ যাব মন্ত্ৰী পৰিষদৰ দল।

লগতে, কেবিনেটত আন কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত। ৰাজ্যৰ ৩৭ স্থানত বৃক্ক সংৰোপণৰ ব্যৱস্থা, ২২খন জিলাত স্থাপন হ’ব এটাকৈ ICU, ICU নিৰ্মাণৰ বাবে মুকলি ৫২২ কোটি টকা।

ST, SC প্ৰাৰ্থীয়ে মাচুল দিব নালাগে নিযুক্তি পৰীক্ষাত। বৃহস্পতিবাৰে মাজুলী, শুকুৰবাৰে ডিব্ৰুগড়লৈ মুখ্যমন্ত্ৰী।

Category