চাঞ্চল্যকৰ ঘটনা! শোৱাপাটিতে গুলীয়াই হত্যা ডিফুৰ এগৰাকী যুৱতীক, এই ঘটনাৰ আঁৰৰ কাহিনী কি?.....

diphu

কাৰ্বি আংলং জিলাৰ ডিফুত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা। সোমবাৰে নিশা শুই থকা অৱস্থাত গুলীয়াই হত্যা এগৰাকী যুৱতীক। মৃত যুৱতীগৰাকী ২৩ বছৰীয়া হুকুমি তিচ’পি বুলি জানিব পৰা গৈছে। ডিফুৰ ১২ নং ৱাৰ্ডৰ আৰলং লাংছ’ত গুলীচালনাৰ ঘটনাটো সংঘটিত হৈছে।

জানিব পৰা মতে, সোমবাৰে মাজনিশা প্ৰায় ১ বজাত শুই থকা অৱস্থাত দুৰ্বৃত্তই গুলীয়াই হত্যা কৰে যুৱতীগৰাকীক। কাৰ্বি আংলঙৰ ডেন গাঁৱৰ নিবাসী আছিল যুৱতীগৰাকী। ডিফুত দুই ভগ্নীসহ বাস কৰিছিল হুকুমি তিচ’পি। এইপৰ্যন্ত  হত্যাৰ কাৰণ জানিব পৰা নাই যদিও নিশা কেঁচা ঘৰৰ পিৰালিৰ তলেৰে সিন্ধি খান্দি দুৰ্বৃত্তই ঘৰৰ ভিতৰত প্ৰৱেশ কৰি যুৱতীগৰাকীক গুলীয়াই থয় যোৱাৰ ঘটনা পোহৰলৈ আহিছে।

আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰে। আৰক্ষীয়ে ইতিমধ্যে তদন্ত আৰম্ভ কৰি মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে ডিফু মেডিকেল কলেজ হাস্পতাললৈ প্ৰেৰণ কৰিছে।

এই ঘটনা সন্দৰ্ভত পোহৰলৈ আহিছে কিছুমান ন ন তথ্য। জানিব পৰা মতে, মৃত হুকুমি তিচ’পি বিবাহিতা আছিল। এই কথা সংবাদ মাধ্যমক অৱগত কৰিছে কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে।

তুলিৰাম ৰংহাঙে সংবাদ মাধ্যমক কোৱা অনুসৰি, “মই শুনিব পাইছো যে ডিফুত সোমবাৰে নিশা হত্যা কৰা যুৱতীগৰাকী বিবাহিতা আছিল। পূৰ্বে এগৰাকী প্ৰাক্তন উগ্ৰপন্থী সদস্যৰ সৈতে যুৱতীগৰাকীৰ বিবাহ হৈছিল যদিও পিছত বিবাহ বিচ্ছেদ হয় আৰু তেওঁ অকলে থাকিবলৈ লয়।” কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে এই হত্যাকাণ্ডক তীব্ৰ ভাষাৰে গৰিহণা দি দোষীক দৃষ্টান্তমূলক শাস্তি দিয়াৰ দাবী জনাইছে।

Category