শোকাৱহ! মহানগৰীত ভূমিস্খলনে প্ৰাণ কাঢ়িলে এজন মেধাৱী ছাত্ৰৰ....

ghy

নিশা অহা মুষলধাৰ বৰষুণৰ পিছতে মহানগৰীৰ চাৰিওফালে কেৱল পানী আৰু পানী। কৃত্ৰিম বানপানীৰ লগতে মহানগৰীৰ কটাহবাৰী নিজৰাপাৰাত ভয়ংকৰ ভূমিস্খলনৰ খবৰ আহি পৰিছে। ভূমিস্খলনত শোৱাপাটীতে মৃত্যুক আকোঁৱালি লয় অষ্ঠম শ্ৰেণীৰ এজন মেধাৱী ছাত্ৰই। মৃত্যু হোৱা ছাত্ৰ জনৰ নাম চাহিল হুচেইন বুলি জানিব পৰা গৈছে। গুৱাহাটীৰ কটন কলেজিয়েটৰ ছাত্ৰ আছিল চাহিল হুছেইন। 

উল্লেখযোগ্য যে, ভূমিস্খলন প্ৰৱণ এলেকা হিচাপে চিহ্নত হোৱাৰ পিছত ও সজাগ নহয় জনতা। বনাঞ্চল সংকুচিত কৰি জনাঞ্চললৈ পৰিবৰ্তন কৰাৰ ফলত এই ঘটনা সংঘটিত হোৱাৰ সন্দেহ। নিশাৰে পৰা হোৱা মুষলধাৰা বৰষুণৰ পিছতে গুৱাহাটীৰ খাৰঘূলিতো সংঘটিত হৈছে ভূমিস্খলনৰ ঘটনা। 

লালসিং বিদ্যালয়ৰ সমীপত এঘৰত ভূমিস্খলনৰ ঘটনা। গাৰ্ড ৱালৰ এটা অংশ খহি পৰিছে ঘৰত।

Category