টোলটেক্স বৃদ্ধি! কি কি বাহনে কিমানকৈ টোলটেক্স দিব লাগিব?....

tolltax

পুনৰ জনতাৰ মূৰত মাধমাৰ। টোলটেক্স বৃদ্ধিৰে জনতাক ৰামটাঙোন। ৫ শতাংশ পৰ্যন্ত বৃদ্ধি টোলটেক্স। আজি মাজনিশাৰ পৰা কাৰ্যকৰী হ’ব টোলটেক্সৰ নতুন নিৰিখ। সমগ্ৰ দেশতে কাৰ্যকৰী হ’ব নতুন নিৰিখ। ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে দিলে টোলটেক্স বৃদ্ধিৰ অনুমোদন।

সমগ্ৰ দেশৰ বিভিন্ন ৰাষ্ট্ৰীয় ঘাইপথসমূহৰ সৰ্বমুঠ ১,১০০খন টোলগেটত ভৰিব লাগিব নতুন নিৰিখত টোলটেক্স। অসমৰ ৭খন টোলগেটত ভৰিব লাগিব বৰ্ধিত টোলটেক্স। টোলটেক্স বৃদ্ধিৰ লগে লগে বাছ, বাণিজ্যিক বাহনৰ ভাৰা বৃদ্ধি পোৱাৰ সম্ভাৱনা। 

গতিকে, কোনসমূহ বাহনে কিমান টকাকৈ দিব লাগিব টোলটেক্স?

সৰু বাহনে ১৩৫ টকাৰ ঠাইত দিব লাগিব ১৪০ টকা। অহা-যোৱা কৰিলে ২০০ টকাৰ ঠাইত দিব লাগিব ২১০ টকা। সৰু বাণিজ্যিক বাহনে ২১৫ টকাৰ ঠাইত দিব লাগিব ২৩০টকা। সৰু বাণিজ্যিক বাহনে ভৰিব লাগিব ৩৪৫ টকা। বাছ-ট্ৰাকত এবাৰত দিব লাগিব ৪৫৫ টকাৰ ঠাইত ৪৮০ টকা। বাছ-ট্ৰাকত অহা-যোৱাত ৬৮০ টকাৰ ঠাইত দিব লাগিব ৭২০ টকা।

আনহাতে, বাণিজ্যিক থ্ৰী এক্সেল এবাৰত ৪৯৫ টকাৰ ঠাইত দিব লাগিব ৫২৫ টকা। বাণিজ্যিক থ্ৰী এক্সেল অহা-যোৱাত ৭৪৫ টকাৰ ঠাইত ৭৮৫ টকা। ৪-৬ এক্সেল গধুৰ যান-বাহন এবাৰত ৭১০ টকাৰ ঠাইত ৭৫০ টকা। ৪-৬ এক্সেল গধুৰ যান-বাহন অহা-যোৱাত ১,০৭০ টকা ১,১৩০ টকা। সামগ্ৰী কঢ়িওৱা বৃহৎ বাহন এবাৰত ৮৬৫ টকাৰ ঠাইত ৯১৫ টকা। সামগ্ৰী কঢ়িওৱা বৃহৎ বাহন অহা-যোৱাত ১,৩০০ টকা ৰ ঠাইত ১,৩৭৫ টকা।


 

Category