নিৰ্বাচন শেষ, মূল্যবৃদ্ধিৰ খেল আৰম্ভ। কাইলৈ প্ৰকাশ পাব লোকসভা নিৰ্বাচনৰ ফলাফল। নিৰ্বাচনী ফলাফল ঘোষণাৰ প্ৰাকক্ষণতেই মূল্যবৃদ্ধিয়ে মাধমাৰ সোধাইছে জনতাৰ মূৰত। এইবাৰ টোলটেক্স বৃদ্ধিৰে জনতাক ৰামটাঙোন সোধালে চৰকাৰে।
উল্লেখ্য যে, মাজনিশাৰ পৰাই ৫ শতাংশ টোলটেক্স বৃদ্ধি NHAIৰ। সমগ্ৰ দেশতে কাৰ্যকৰী হ’ব নতুন নিৰিখ। ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে দিলে টোলটেক্স বৃদ্ধিৰ অনুমোদন।
ভাৰতীয় ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে সমগ্ৰ দেশতে গড়ে পাঁচ শতাংশ টোলৰ হাৰ বৃদ্ধি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। ঘাইপথত চলাচল কৰা বাহনৰ চালকসকলে এতিয়া সোমবাৰৰ পৰা অধিক ভাড়া দিব লাগিব। অৰ্থাৎ দেওবাৰৰ নিশাৰ পৰাই বৃদ্ধি পাইছে টোলটেক্স।
সোমবাৰে মাজনিশা ১২ বজাৰ পৰা দুমাহ ধৰি আদায় কৰিবলৈ বাকী থকা বৰ্ধিত টোল হাৰ কাৰ্যকৰী কৰিব NHAIয়ে। ১ এপ্ৰিলৰ পৰা কাৰ্যকৰী হ’বলগীয়া এই বৃদ্ধি দেশত অনুষ্ঠিত হোৱা সাধাৰণ নিৰ্বাচনৰ আচৰণ বিধিৰ বাবে পিছুৱাই দিয়া হয়।
আনহাতে, সমগ্ৰ দেশৰ বিভিন্ন ৰাষ্ট্ৰীয় ঘাইপথসমূহৰ সৰ্বমুঠ ১,১০০খন টোলগেটত ভৰিব লাগিব নতুন নিৰিখত টোলটেক্স। অসমৰ ৭খন টোলগেটত ভৰিব লাগিব বৰ্ধিত টোলটেক্স। টোলটেক্স বৃদ্ধিৰ লগে লগে বাছ, বাণিজ্যিক বাহনৰ ভাৰা বৃদ্ধি পোৱাৰ সম্ভাৱনা।
অসমৰ ৭খন টোলগেট ক্ৰমে কোকৰাঝাৰ জিলাৰ পাটগাঁৱত থকা টোলগে'ট, চিৰাং জিলাৰ বিজনী, বৰপেটা জিলাৰ ভৱানীপুৰ, কামৰূপ জিলাৰ মদনপুৰ, কামৰূপ মহানগৰ জিলাৰ সোণাপুৰ, নগাঁও জিলাৰ ৰহা আৰু হোজাই জিলাৰ ডবকাত টোলগে'ট আছে।
- Log in to post comments