আটাছুৰ পৰা বহিস্কাৰ উপ-সভাপতি মনোজ গগৈক
মৰাণত হোৱা কেন্দ্ৰীয় কাৰ্যনিৰ্বাহকত এই সিদ্ধান্ত
চাকৰি দিয়াৰ নামত নিবনুৱাৰ পৰা ধন সংগ্ৰহৰ অভিযোগ
আজিৰে পৰা কাৰ্যকৰী হোৱাকৈ মনোজ গগৈক বহিস্কাৰ
তিনি দিন উকলি যোৱাৰ পিছতো উত্তৰ নিদিয়াত এই সিদ্ধান্ত
উপ-সভাপতি মনোজ গগৈয়ে চাকৰি দিয়াৰ নামত বিভিন্ন জনক প্ৰৱঞ্চনা কৰাৰ বিষয়ে বহু ভুক্তভোগীয়ে কেন্দ্ৰীয় সমিতিক পত্ৰৰ জড়িয়তে অৱগত কৰোৱাৰ অভিযোগ। ইয়াৰ পাছতে কেন্দ্ৰীয সমিতিয়ে তদন্তৰ বাবে গঠন কৰিছিল কমিটি।
লগতে উপ-সভাপতি মনোজ গগৈৰ পৰা বিষয়টো সম্পৰ্কত নিজৰ স্পষ্টীকৰণ বিছাৰিছিল যদিও তিনিদিন উকলি যোৱাৰ পাছতো মনোজ গগৈয়ে কোনো উত্তৰ দিব নোৱাৰাত সংগঠনৰ পৰা বহিষ্কাৰ কৰা হৈছে ।
- Log in to post comments