ATASU

মঙলবাৰে শিৱসাগৰত আটাছুৰ প্ৰতিবাদ। চৰকাৰৰ প্ৰৱঞ্চনাৰ ক্ষোভত অৰ্ধ উলংগ হৈ প্ৰতিবাদ কৰে আটাছুৱে। চহৰতখনত তাই আহোম জনগোষ্ঠীয় সংগঠনটোয়ে হঠাৎ কৰা অৰ্ধ উলংগ প্ৰতিবাদত কিংকৰ্তব্য বিমূঢ় হৈ পৰে আৰক্ষী বিভাগ।

যোৱা কেইবাটাও বছৰ ধৰি তাই আহোমক জনজাতিকৰণৰ নামত প্ৰৱঞ্চনা কৰি থকাত ক্ষুন্ন হৈ এই প্ৰতিবাদ সাব্যস্ত কৰে সংগঠনটোৱে। সংগঠনটোৰ অভিযোগ ৬০০ বছৰ ধৰি সমগ্ৰ অসমক নেতৃত্ব প্ৰদান কৰা তাই আহোমক চূড়ান্ত ভাৱে প্ৰতাৰণা কৰিছে চৰকাৰে। চৰকাৰৰ হেমাহি আৰু কুটিল ৰাজনীতিৰ বাবে তাই আহোম জনগোষ্ঠীৰ সংগঠনটোৱে অৰ্ধ উলংগ হোৱা বুলি ব্যক্ত কৰে।