২ নাৰীশক্তিৰ মাজত মহাৰণ! কাৰ শিৰত উজ্বলিব বিজয়ৰ খিতাপ?....

politics

কাইলৈ ৰাজ্যত অন্তিম পৰ্যায়ৰ ভোটগ্ৰহণ। ইতিমধ্যেই ভোটগ্ৰহণ কেন্দ্ৰলৈ ৰাওনা নিৰ্বাচনী বিষয়াসকল। অসমৰ ৪টাকৈ লোকসভা সমষ্টিত হ’ব ভোটগ্ৰহণ।

৪টা সমষ্টিৰ ভিতৰত আকৰ্ষণীয় সমষ্টিটোৱে গুৱাহাটী সমষ্টি। কাৰণ ইয়াত ২ নাৰীশক্তিৰ মাজত হ'ব তীব্ৰ প্ৰতিদ্বন্দ্বিতা। নিৰ্বাচনীৰ মহাৰণত কোনে মাৰিব শেষ হাঁহি, তাক লৈ সকলোৰে মাজত উতকন্ঠা দেখিবলৈ পোৱা গৈছে।

politics
 
লগতে, নিৰ্বাচনক লৈ কামৰূপৰ জিলা আয়ুক্ত সুমিত চাত্তাৱানৰ মন্তব্য ‘কামৰূপ মহানগৰ জিলাত ২৬ টা মডেল ভোট কেন্দ্ৰ আছে’, ‘দুৰ্গম অঞ্চলৰ বাবে দুটাকৈ চেট সাজু কৰা হৈছে’, ‘স্পৰ্শকাতৰ অঞ্চলত আছে বহুকেইটা ভোটকেন্দ্ৰ’, ‘১,০২৬ টা কেন্দ্ৰৰ বাবে সাজু হৈছে কামৰূপ জিলা প্ৰশাসন’, ‘৭০০০ আৰক্ষী বিষয়া নিয়োগ কৰা হৈছে’, ‘সম্পূৰ্ণ মহিলাই চলাব ১০০ টা ভোটকেন্দ্ৰ’।

‘পুৰুষ/মহিলাৰ বাবে থাকিব পৃথক শাৰী’, ‘বয়োজ্যেষ্ঠ আৰু গৰ্ভৱতী মহিলাৰ বাবে থাকিব পৃথক ব্যৱস্থা’ , ‘৪০০তকৈ অধিক বাহন, CCTV কেমেৰাও সাজু’, ‘ভোটগ্ৰহণ কেন্দ্ৰত নিষিদ্ধ ম’বাইল ফোনৰ ব্যৱহাৰ’। সকলোকে নিয়ম-নীতি মানি ভোটদান কৰিবলৈ আহ্বান কামৰূপৰ জিলা আয়ুক্ত সুমিত চাত্তাৱানৰ। 
 

Category
Profile picture for user UB Photos