কম তেল ব্যৱহাৰ কৰি ঔষধি পাতেৰে কেনেকৈ মাছৰ আঞ্জা বনাব পাৰি? জানো আহক.....

fish

কথাতে আছে অসমীয়া লোকসকল হেনো ভতুৱা। অসমীয়া লোকৰ বাবে ব্ৰেকফাষ্ট, লাঞ্চ আৰু দিনাৰ বুলি ক'লে কেৱল ভাতৰ কথাহে মন লৈ আহে। কিয়নো অসম ধান খেতিৰ বাবে বিখ্যাত। গতিকে অসমৰ লোকসকল বিশেষকৈ ভাতৰ ওপৰত নিৰ্ভৰশীল। 

অসমীয়ালোক সকলৰ ভাত প্ৰধান হোৱাৰ বাবে বিভিন্ন ধৰণৰ ব্যঞ্জন ৰান্ধি তৃপ্তিৰে এসাঁজ খাবলৈ মন কৰে। সেয়েহে ঘৰৰ গৃহিনী সকলে বিভিন্ন ধৰণৰ ব্যঞ্জন ৰান্ধিবলৈ জানে,

গতিকে, আজি জানো আহক, কম তেল ব্যৱহাৰ কৰি ঔষধি পাতেৰে কেনেকৈ মাছৰ আঞ্জা বনাব পাৰি? 

কি কি উপকৰণ লাগিব:

১৷ পদিনা, নৰসিংসৰ পাত, ভেদাইলতাৰ পাত, কাজি নেমুৰ পাত
২৷ নহৰু, জলকীয়া, পিঁয়াজ, আদা
৩৷ তিল দুচামুচ
৪৷ নিমখ, হালধি আৰু তেল
৫৷ ভাঙোন মাছ

কি দৰে ৰান্ধিব পাৰি:

প্ৰথমে এখন নন্ ষ্টিক কেৰাহীত পিঁয়াজ, জলকীয়া, নহৰু আৰু আদা শুকানকৈ ৰঙা হোৱালৈ ভাজি ল'ব৷ তাৰ পিছত একেখন কেৰাহীতে তিলকেইটা ফুটাই ল'ব৷ এটা মিক্সাৰত গোটেইখিনি মিহলাই খুন্দি ল'ব৷ আৰু সেই একেটা মিক্সাৰতে গোটেই পাতবোৰ একে লগতে অলপ পানী দি খুন্দি ল'ব৷ এখন চেকনিৰে চেকি সিঁতাবোৰ পেলাই দিব৷ মাছকেইটা নিমখ, হালধি আৰু অলপ তেল দি সানি লৈ কম তেলত ভাজি ল'ব৷ থাকিযোৱা তেলতে খুন্দি থোৱা পিঁয়াজ আৰু তিলৰ মিশ্ৰণটো ধুনীয়াকৈ ভাজি ল'ব৷ তাতে গোটেইবোৰ শাকৰ পৰা ওলিয়াই লোৱা ৰসখিনি দি অলপ পানী দি উতলিব লৈ দিব ৷ উতল আহোতে নিমখ দি দিব৷ এতিয়া ভাঁজি লোৱা মাছকেইটা দি পাঁচ মিনিটৰ কাৰণে সিঁজিব দিব৷ 

তাৰ পিছত গৰমে গৰমে নমাই ভাতৰ লগত পৰিৱেশন কৰিব৷

Category
Profile picture for user UB Photos