ছুগাৰ লেভেল ৩২০! গ্ৰেপ্তাৰৰ পাছত প্ৰথমবাৰৰ বাবে ইনছুলিন দিলে কেজৰিৱালক.....

Arvind Kejriwal

গ্ৰেপ্তাৰৰ পাছত জে'লতে প্ৰথমবাৰৰ বাবে ইনছুলিন দিয়া হৈছে কেজৰিৱালক।।ছুগাৰ লেভেল বাঢ়ি ৩২০ পাইছেগৈ দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ। সম্প্ৰতি তিহাৰ জে'লতে ইনছুলিন দিয়া হৈছে মুখ্যমন্ত্ৰীগৰাকীক। 

উল্লেখ্য যে, দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক সংগ্ৰামৰ অন্তত ২৩ এপ্ৰিল মঙলবাৰে তিহাৰ জেলৰ ভিতৰত ইনচুলিন প্ৰদান কৰা হৈছিল বুলি দাবী কৰিছে আম আদমী পাৰ্টিয়ে। ‘অৱশেষত বিজেপি আৰু ইয়াৰ জেল প্ৰশাসনে জ্ঞান লাভ কৰি জে'লত থকা মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক INSULIN দিলে। মুখ্যমন্ত্ৰী কেজৰিৱালৰ  ছুগাৰ লেভেল ৩২০ হোৱাৰ লগতে দিল্লীবাসীৰ সংগ্ৰামৰ বাবেহে সেয়া সম্ভৱ হৈ উঠা বুলি জনায় আম আদমি পাৰ্টিয়ে।

এক্স (পূৰ্বৰ টুইটাৰ)ত এক পোষ্ট যোগে আপে জনায় যে,  অৰবিন্দ কেজৰিৱালক তেজৰ ছুগাৰ লেভেল বৃদ্ধি পোৱাৰ পিছত তেওঁৰ “কম মাত্ৰা” ইনচুলিন প্ৰদান কৰা হৈছিল। সন্ধিয়া ৭ বজাৰ ওচৰত তেওঁৰ তেজৰ ছুগাৰ লেভেল ২১৭ হোৱাৰ তাৰ পিছত তেওঁক চোৱাচিতা কৰে তিহাৰৰ চিকিৎসকে আৰু তেওঁক ইনচুলিন দিয়াৰ সিদ্ধান্ত লয়।

“এইমছৰ চিকিৎসকৰ পৰামৰ্শ অনুসৰি সোমবাৰে সন্ধিয়া কেজৰিৱালক দুই ইউনিট কম মাত্ৰাৰ ইনচুলিন দিয়া হৈছিল” লগতে এইমছৰ দলটোৱে জনোৱাৰ মতে, কেজৰিৱালৰ যেতিয়া ছুগাৰ লেভেল ২০০ অতিক্ৰম হ’ব তেতিয়া তেওঁক কম মাত্ৰাৰ ইনচুলিন দিব পাৰি।’- 

বিভিন্ন তথ্যৰ মতে, ।২০ এপ্ৰিলত দিল্লীৰ মুখ্যমন্ত্ৰীৰ সৈতে ভিডিঅ’ কনফাৰেন্সৰ সময়ত এইমছৰ বিশেষজ্ঞসকলে তিহাৰৰ চিকিৎসকসকলক পৰামৰ্শ দিছিল যে তেওঁৰ ছুগাৰ লেভেল এটা নিৰ্দিষ্ট মাত্ৰা অতিক্ৰম কৰিলে তেওঁক ইনচুলিন দিব পাৰি। লগতে।দিল্লীৰ আদালতে অৰবিন্দ কেজৰিৱালৰ তেজৰ ছুগাৰ লেভেল নিয়ন্ত্ৰণ কৰিবলৈ ইনচুলিনৰ প্ৰয়োজন আছে নে নাই সেইটো নিৰ্ণয় কৰিবলৈ পৰীক্ষাৰ বাবে চিকিৎসা ব’ৰ্ড গঠন কৰিবলৈ এইমছক নিৰ্দেশ দিয়াৰ এদিন পিছতে এই ঘটনা সংঘটিত হৈছে।

আনহাতে, এই সন্দৰ্ভত সোমবাৰে দিল্লীৰ স্বাস্থ্যমন্ত্ৰী সৌৰভ ভৰদ্বাজে কয়, "অৰবিন্দ কেজৰিৱাল প্ৰায় ২২ দিন তিহাৰ জেলত আছে। তেওঁ বহু দিন ধৰি কৈ আহিছে যে তেওঁৰ ছুগাৰ লেভেল বৃদ্ধি পাইছে আৰু জেলত কোনো ডায়েবেটিছ বিশেষজ্ঞ নাই। তেওঁ ইনচুলিনৰ দাবী জনাই আহিছে।" আজি আদালতৰ সিদ্ধান্তই স্পষ্ট কৰি দিলে যে তিহাৰ জেলত কোনো ডায়েবেটিছ বিশেষজ্ঞ নাই।"তেওঁ কয় যে এইটো এটা আদৰণীয় পদক্ষেপ আৰু ইয়াৰ দ্বাৰা প্ৰমাণিত হৈছে যে তেওঁ যি কৈ আছিল সেয়া সঁচা আছিল।

Category
Profile picture for user UB Photos