শোকাৱহ! ঈদৰ দিনটোতে মৃত্যুক সাৱটি ল'লে ৮টি কণমানিয়ে, কিন্তু কেনেকৈ?.......

school

মৃত্যু ক'ত, কেতিয়া, কেনেকৈ আহে কোনেও ক'ব নোৱাৰে? নিমিষতে শেষ হৈ গ'ল ৮ টাকৈ কণমানিৰ জীৱন। স্কুললৈ যোৱা কণমানি কেইটা আৰু কেতিয়াও ঘৰলৈ ঘূৰি নাহে। এই শোকাৱহ দুৰ্ঘটনাটোত সংঘটিত হৈছে হাৰিয়ানাৰ মহেন্দ্ৰগড় জিলাত। এই মৰ্মান্তিক দুৰ্ঘটনাটোৱে সমগ্ৰ দেশক জোকাৰি গৈছে। 

উল্লেখ্য যে, এই দুৰ্ঘটনাটোত শিশুৰে ভৰা এখন স্কুল বাছ বাগৰি পৰে। দুৰ্ঘটনাৰ ফলত ৮ জন ছাত্ৰ-ছাত্ৰীৰ থিতাতে মৃত্যু হোৱাৰ লগতে বহু শিশু গুৰুতৰভাৱে আহত বুলি জানিব পৰা গৈছে। এখন ব্যক্তিগত বিদ্যালয় জি এল পাব্লিক স্কুলৰ প্ৰায় ৩৫টা শিশুৱে বাছখনত যাত্ৰা কৰিছিল। এই ঘটনা সংঘটিত হৈছে জিলাখনৰ কানিনা মহকুমাৰ উনহানী গাঁৱৰ সমীপত। 

আৰক্ষীয়ে জনোৱা মতে, স্কুল বাছখনৰ চালকজনে সুৰাপান কৰি বাছ চলোৱাৰ বাবেই বাছখন দুৰ্ঘটনাত পতিত হয়। আজি ঈদ-উল-ফিটৰ উপলক্ষে চৰকাৰী বন্ধৰ দিন হোৱাৰ পিছতো স্কুলখন খোলা আছিল। দুৰ্ঘটনাটোৰ পিছতে ঘটনাস্থলীত উপস্থিত হয় আৰক্ষী।

ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ শিশুসকলক তৎকালীনভাৱে চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়। কানিনাৰ পৰা ধনাউণ্ডালৈ যোৱা পথত চৰকাৰী বালিকা মহাবিদ্যালয়ৰ সন্মুখত বাছখন বাগৰি পৰে। এই মৰ্মান্তিক দুৰ্ঘটনাত ৮ টা শিশুৰ মৃত্যু হয়। আৰু ১৫টা শিশু আহত হয়। 

ঘটনা অনুসৰি, বাছ চালকজনে পোনে পোনে গছত খুন্দা মাৰে, যাৰ বাবে বাছখন ওলোটা হৈ পৰে। বাছখনত মুঠ ৩৩টা শিশুৱে যাত্ৰা কৰিছিল। ঘটনাস্থলীত উপস্থিত থকা লোকসকলে আহত শিশুকেইটাক নিহাল হাস্পতাল আৰু অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰায়। 

Category
Profile picture for user UB Photos