যোৰহাটত স্মাৰ্ট আৰক্ষীৰ বৰ্বৰতা! এজন নিৰীহ লোকক সন্দেহ কৰিয়ে নিৰ্মমভাৱে প্ৰহাৰ আৰক্ষীৰ............

jorhat

যোৰহাটত মৰেল পুলিচৰ বৰ্বৰতা। গৰু চুৰি কৰাৰ সন্দেহত নিৰীহক নিৰ্মমভাৱে প্ৰহাৰ যোৰহাটৰ ISBT আৰক্ষী চকীৰ। লগতে আৰক্ষী বিষয়াই অভিযুক্তৰ পৰিয়ালক অশ্লীল কথাৰে গালি-খপনি দিয়াৰ অভিযোগ। গৌতম লিখক নামৰ পুৰুষজনক শাৰীৰিক নিৰ্যাতন চলায় যোৰহাটৰ ISBT আৰক্ষী চকীৰ আৰক্ষীয়ে। পুলিবৰ আৰক্ষীৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ। তদন্তৰ নামত নিৰীহক প্ৰহাৰক লৈ সৰৱ পৰিয়াল।

স্মাৰ্ট আৰক্ষীৰ বৰ্বৰতাক লৈ এগৰাকী স্থানীয় লোকৰ ভাষ্য, "কাপোৰ নোহোৱা দেশত যেনেকৈ ধুৱীৰ প্ৰয়োজন নাই, থিক তেনেকৈ ৰজা নোহোৱাৰ দেশত যেন প্ৰজা সুৰক্ষিত নহয়"। ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগতে আৰক্ষীৰ অধ্যক্ষক জি পি সিঙৰ কথাকো যেন কটাক্ষ নকৰে একাংশ আৰক্ষী বিষয়াই।

উল্লেখ্য যে, চুৰিৰ গোচৰত সন্দেহত মঙলবাৰে ঘৰৰ পৰাই যোৰহাটৰ ISBT আৰক্ষী চকীৰ কেইজনমান আৰক্ষী আহি ঘৰৰ পৰা লৈ গৈছিল যুৱকজনক। কিন্তু উপৰ্যপুৰি শাৰীৰিক নিৰ্যাতন চলোৱাৰ পাছত কোনো ফল নধৰাত বুধবাৰে ঘৰলৈ যাবলৈ দিয়ে গৌতম লিখকক। তদন্তৰ নামত নিৰীহক অভিযুক্ত সজাই এনেদৰে চলোৱা অত্যাচাৰৰ বিৰুদ্ধে এতিয়া সৰৱ হৈ পৰিছে পৰিয়াল। ন্যায় বিচাৰিছে আৰক্ষী সঞ্চালক প্ৰধানৰ পৰা।
 

Category
Profile picture for user UB Photos