কাৰাগাৰত অসুস্থ কেজৰিৱাল! 'মোক অপমান কৰিবলৈ গ্ৰেপ্তাৰ কৰা হৈছে'........

Arvind Kejriwal

যোৱা কিছু দিন ধৰি দিল্লীৰ মুখ্যমন্ত্ৰীৰ সামাজিক মাধ্যমত সৰব চৰ্চা চলিছে লগতে দেশৰ বিভিন্ন প্ৰান্তত ইয়াক লৈ বহু প্ৰতিবাদ হোৱাৰ খবৰ আহি পৰিছে। সুৰা কেলেংকাৰী গোচৰত অভিযুক্ত দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল বৰ্তমান তিহাৰ কাৰাগাৰত বন্দী হৈ আছে। 

উল্লেখ্য যে, কাৰাগাৰত থকা কেজৰিৱালৰ স্বাস্থ্যৰ যথেষ্ট অৱনতি ঘটিছে বুলি দাবী কৰিছে আম আদমি পাৰ্টিৰ নেতাসকলে। দলটোৱে প্ৰকাশ কৰা তথ্য অনুসৰি কেজৰিৱালে এই কেইটান দিনতে ৪ কেজি ওজন হ্ৰাস পাইছে বুলি উল্লেখ কৰিছে। 

২১ মাৰ্চত EDয়ে গ্ৰেপ্তাৰ কৰিছিল কেজৰিৱালক। তাৰ পাছৰ পৰাই তেওঁৰ শাৰীৰক অৱস্থা দুৰ্বল হৈ পৰিছে। ‘মোক অপমান কৰিবলৈ গ্ৰেপ্তাৰ কৰা হৈছে’ শেষতীয়াকৈ এই মন্তব্য দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ। দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে বুধবাৰে পুৱা EDক কটাক্ষ কৰি এই মন্তব্য কৰে। 

তেওঁ কয় যে, গ্ৰেপ্তাৰৰ উদ্দেশ্য কেৱল মোক অপমান কৰা। মোক অক্ষম কৰিবলৈ গ্ৰেপ্তাৰ কৰা হৈছে বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰী কেজৰিৱালে।

Category
Profile picture for user UB Photos