অৰুণাচলত আবদ্ধ অসমৰ ১০ জনকৈ শ্ৰমিক! বিগত ডেৰমাহ ধৰি আবদ্ধ শ্ৰমিককেইজন...কিন্তু কিয়?......

assam

অৰুণাচলত আবদ্ধ অসমৰ ১০ জনকৈ শ্ৰমিক 
ঠিকাদাৰে অজ্ঞাত স্থানত আবদ্ধ কৰি ৰাখিছে শ্ৰমিকক
শ্ৰমিকক আবদ্ধ কৰা ঘটনাকলৈ হাহাকাৰ পৰিয়ালৰ মাজত
বিগত ডেৰমাহ ধৰি আবদ্ধ শ্ৰমিককেইজন
আবদ্ধ শ্ৰমিকৰ দলৰ পৰা পলায়নৰ চেষ্টা এজনৰ
পলায়নৰ চেষ্টা কৰা শ্ৰমিকজনক হত্যাৰ চেষ্টা
ঘটনাকলৈ চৰাইদেউ জিলাত তীব্ৰ চাঞ্চল্য

অৰুণাচলত কাম কৰিবলৈ যোৱা অসমৰ দহজন শ্ৰমিকক ঠিকাদাৰে অজ্ঞাত স্থানত আৱদ্ধ কৰি ৰখাক লৈ শ্ৰমিককেইজনৰ পৰিয়ালৰ মাজত হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে ৷ চুবুৰীয়া ৰাজ্যখনৰ কোনো অজ্ঞাত স্থানৰ শিলৰ কোৱেৰিত কাম কৰিবলৈ যোৱা শ্ৰমিককেইজনক বিগত ডেৰমাহ ধৰি আৱদ্ধ কৰি ৰখাৰ অভিযোগ। 

বুধবাৰে এগৰাকী শ্ৰমিক ঠিকাদাৰ পক্ষৰ কবলৰ পৰা পলাই আহিবলৈ চেষ্টা কৰোঁতে ঠিকাদাৰী পক্ষৰ লোকে ক্ষোভিত হৈ টিয়ক নদীৰ ওপৰত থকা দলঙৰ পৰা‌ শ্ৰমিকজনক নদীৰ বুকুলৈ দলিয়াই দিয়াৰ অভিযোগ। সংকটজনক অৱস্থাত যুৱকজন উদ্ধাৰ হোৱাৰ ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে চৰাইদেউ জিলাত৷ 

উল্লেখ্য, চৰাইদেউ জিলাৰ সদৰ সোণাৰি নগৰৰ সমীপৱৰ্তী নাফুক অঞ্চলৰ চেলিম সাগৰ নামৰ ঠিকাদাৰজনে নানা প্ৰলোভনৰে চৰাইদেউ জিলাৰ লগতে অসমৰ বহু যুৱকক অৰুণাচলৰ আমাঙত আৱদ্ধ কৰি শিলৰ কোৱেৰিকে ধৰি বিভিন্ন উদ্যোগত নিয়োজিত কৰি ৰাখিছে ৷ সোণাৰিৰ টীয়ক চাহ বাগিচিৰ দহজনকৈ শ্ৰমিকক কোনো পাৰিশ্ৰমিক নিদিয়াকৈ পণবন্দী কৰি ৰখাৰ গুৰুতৰ অভিযোগ ৷ 

ঘটনা সন্দৰ্ভত শ্ৰমিককেইজনৰ পৰিয়ালে ইতিমধ্যে আৰক্ষীক অৱগত কৰিছে আৰু শ্ৰমিককেইজনক অচিৰেই উদ্ধাৰ কৰিবলৈ আৰক্ষীক আহ্বান জনাইছে।

Category
Profile picture for user UB Photos