টাটাৰ সৈতে মুখ্যমন্ত্ৰীৰ পৰিয়াল! জাগীৰোডৰ ছেমিকণ্ডাক্টৰ সন্দৰ্ভত টাটাৰ সৈতে কিছু বাৰ্তালাপ মুখ্যমন্ত্ৰী শৰ্মাৰ.......

cm

আজি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই টাটা নেতৃত্বৰ সৈতে আলোচনাৰ সময়ত জাগীৰোডৰ ছেমিকণ্ডাক্টৰ চৌহদৰ ভিতৰত এক দক্ষতা বিকাশ কেন্দ্ৰ গঢ়ি তুলিবলৈ সন্মতি প্ৰকাশ কৰে। মৰিগাওঁ জিলাৰ জাগীৰোদৰ এই কেন্দ্ৰই উত্তৰ-পূৰ্বাঞ্চলৰ যুৱক-যুৱতীসকলক কৃত্ৰিম বুদ্ধিমত্তা, ছেমিকণ্ডাক্টৰ আৰু ইলেক্ট্ৰনিকছৰ পাঠ্যক্ৰম আগবঢ়াই শক্তিশালী কৰি তুলিব বুলি কোৱাৰ লগতে তেওঁলোকক জাগীৰোড গোটত নিয়োগ সুৰক্ষিত কৰাত সহায় কৰিব।

জানিব পৰা মতে, ইতিমধ্যে অসমৰ যুৱপ্ৰজন্মৰ প্ৰায় ১৫০০ প্ৰতিনিধিত্বকাৰীয়ে মুখ্যতঃ মহিলাসকলে, বেংগালুৰু আৰু ইয়াৰ আশে-পাশে টাটাৰ অধীনত থকা কেন্দ্ৰসমূহত প্ৰশিক্ষণ গ্ৰহণ কৰি আছে। ২০২৫ চনত ছেমিকণ্ডাক্টৰ সুবিধা কাৰ্যকৰী হোৱাৰ পাছত ইয়ে তেওঁলোকক নেতৃত্বৰ স্থিতিত ৰাখিব।

অসমত ঔদ্যোগীকৰণৰ দিশত এক ইতিহাস সৃষ্টি কৰা টাটা গ্ৰুপৰ দ্বাৰা ২৭০০০ কোটি টকাৰ বৃহৎ বিনিয়োগে ছেমিকণ্ডাক্টৰৰ ক্ষেত্ৰত বিশ্বৰ মানচিত্ৰত অসমক এক সুকীয়া স্থান দিব আৰু উত্তৰ-পূব ভাৰতক অৰ্থনৈতিক দিশত বিশেষ মান্যতা প্ৰদান কৰিব।

আজি মুম্বাইত সন্মানীয় শ্ৰীৰতন টাটা ডাঙৰীয়া, শ্ৰী এন চন্দ্ৰশেখৰন ডাঙৰীয়াক জাগীৰোডৰ বৃহৎ বিনিয়োগেৰে অসমক বিশ্বৰ ছেমিকণ্ডাক্টৰৰ মানচিত্ৰত স্থান দিয়াৰ বাবেসমগ্ৰ ৰাজ্যৰ হৈ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ধন্যবাদ জনাবলৈ পাই আনন্দিত হোৱা বুলি প্ৰকাশ কৰে।

Category
Profile picture for user UB Photos