অসমবাসীৰ বাবে আশাব্যঞ্জক খবৰ! আজি জাগীৰোড ছেমি কণ্ডাক্টৰ প্ৰকল্পৰ আধাৰশিলা.....

cm

অসমবাসীৰ বাবে আশাব্যঞ্জক খবৰ। আজি জাগীৰোড ছেমি কণ্ডাক্টৰ প্ৰকল্পৰ আধাৰশিলা স্থাপন। পূৰ্বৰ কাগজকলৰ ভূমিত স্থাপন হ’ব প্ৰকল্পটো। প্ৰকল্পটোৰ দায়িত্বত থাকিব টাটা গ্ৰুপ। অসমত স্থাপন হ’ব টাটাৰ বৃহৎ প্ৰকল্প।

 এই অনুষ্ঠানটিত উপস্থিত ৰাজ্যৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰ্ছুৱেলী স্থাপন কৰিব আধাৰশিলা। 
কেন্দ্ৰীয় মন্ত্ৰী অশ্বিনী বৈষ্ণৱ, ৰাজীৱ চন্দ্ৰশেখৰ লগতে টাটা গ্ৰুপৰ অধ্যক্ষ শ্ৰী এন চন্দ্ৰশেখৰণ উপস্থিতি। ডাঃ ৰণধীৰ ঠাকুৰৰ উপস্থিতিত আধাৰশিলা স্থাপন, মন্ত্ৰী পীয়ূষ হাজৰিকা লগতে উপস্থিত কেইবাগৰাকীও মন্ত্ৰী-বিধায়ক।

টাটা গ্ৰুপৰ উদ্যোগত প্ৰতিষ্ঠা কৰা হৈছে ছেমি কণ্ডাক্টৰ। মুঠ প্ৰকল্প ব্যয় ২৭ হাজাৰ কোটি টকা। ছেমি কণ্ডাক্টৰ প্ৰকল্পত প্ৰত্যক্ষ নিযুক্তি হ’ব ১৬ হাজাৰ। উৎপাদন ক্ষমতা প্ৰতিদিনে ৪৮ মিলিয়ন চিপছ্। অনুষ্ঠানত দেশৰ যুৱ প্ৰজন্মক সম্বোধন কৰিব প্ৰধানমন্ত্ৰীয়ে। মুখ্যমন্ত্ৰীয়ে অংশগ্ৰহণ কৰিব বিশাল জনসভাত।

জাগীৰোডত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ ভাষণ। উত্তৰ-পূবত উন্নয়নৰ ধাৰা অক্ষুণ্ণ ৰাখিবলৈ PMক আহ্বান CMৰ। ‘প্ৰধানমন্ত্ৰীৰ উত্তৰ-পূবৰ প্ৰতি অগাধ প্ৰেম আছে’,‘টাটাৰ প্ৰকল্পই বিজ্ঞান প্ৰযুক্তিত নতুন দিগন্তৰ সূচনা কৰিছে’।

কেন্দ্ৰীয় মন্ত্ৰী অশ্বিনী বৈষ্ণৱকো ধন্যবাদ জ্ঞাপন মুখ্যমন্ত্ৰীৰ। প্ৰকল্প স্থাপনৰ বাবে টাটাৰ কৰ্তৃপক্ষক কৃতজ্ঞতা মুখ্যমন্ত্ৰীৰ। অনুষ্ঠানত ভাৰ্ছুৱেলী প্ৰধানমন্ত্ৰীৰ ভাষণ। আত্মনিৰ্ভৰশীল ভাৰতৰ দিশত এয়া শক্তিশালী খোজ। ইণ্ডাষ্ট্ৰি ৪.০ৰ দিশত এখোজ আগুৱালে ভাৰত। বুজাবুজিৰ চুক্তিৰ কিছুদিনৰ ভিতৰতে ৩টা প্ৰকল্পৰ আধাৰশিলা।

ক’ৰোণাই আত্মনিৰ্ভৰশীল হোৱাৰ শিক্ষা দিলে। দেশৰ ভিন্ন প্ৰান্তৰ পৰা ভাগ লোৱা শিক্ষাৰ্থীক সম্বোধন মোদীৰ।

Category
Profile picture for user UB Photos