খোৱাপানীৰ বাবে হাহাকাৰ এখন গাঁও........

water

এটুপি খোৱাপানীৰ বাবে হাহাকাৰ হালধীআটিবাসী। হোজাইৰ হালধিআটী তপতজুৰিত ফ্ল’ৰাইযুক্ত পানী বাবে হাহাকাৰ কৰিবলগীয়া হৈছে। ভাবুকি কঢ়িয়াইছে অঞ্চলটোৰ লোকসকললৈ। 

ধোঁৱাচাঙত জলজীৱন আঁচনিৰ প্ৰকল্প কাম। আজিপৰ্যন্ত কাৰ্যক্ষম হৈ নুঠাত বিশুদ্ধ পানীৰ বাবে হাহাকাৰ কৰিবলগীয়া হৈছে হালধীআটিবাসী ৰাইজে। পানী যোগান বন্ধ হৈ পৰাত বিপদত কণ কণ ছাত্ৰ-ছাত্ৰী। একমাত্ৰ প্ৰাথমিক বিদ্যালয়খনত নাই এটুপি পানী। 

পানী বিচাৰি মুখ্যমন্ত্ৰীলৈ কাতৰ অনুৰোধ কণ কণ শিক্ষাৰ্থীৰ। বিগত ৩ মাহ ধৰি জনস্বাস্থ্য কাৰিকৰী বিভাগৰ পাইপ ফুটাত পানীৰ বাবে হাহাকাৰ কৰিছে অঞ্চলটোৰ লোকসকলে। লেতেৰা আৰু হালধীয়া আইৰনযুক্ত পানী খাই জীৱন নিৰ্বাহ কৰিব লগা হোৱাত অঞ্চলটোৰ লোকসকলৰ জনস্বাস্থ্যৰ প্ৰতি আহিছে চৰম ভাবুকি। 

ফ্লুৰাইড অধ্যঘোষিত অঞ্চল ৰূপে চিনাক্ত কৰা এই গাওঁকেইখনত দমকল, কুৱা আদিৰ পৰা পানী সেৱন জনস্বাস্থ্য কাৰিকৰি বিভাগে নিষিদ্ধ কৰি থোৱাৰ পাছত উপায়ন্তৰ হৈ গঞা ৰাইজে দমকল আৰু কুৱাৰ পানী সেৱন কৰিব লগা হৈছে।

Category