
প্ৰসংগঃ গুৱাহাটীৰ ৰেডিচন ব্লুত হত্যাকাণ্ড। মাত্ৰ ১৫ মিনিটৰ বাবে আছিল কোঠালিত। সন্দীপৰ হাতত আছিল অঞ্জলি শ্ব’ৰ গোপন ফটো। বিভিন্ন সময়ত অঞ্জলিক ব্লেকমেইল কৰি আছিল সন্দীপ।
ফটো বিচাৰি মহাৰাষ্ট্ৰৰ পৰা আহিবলৈ যোগাযোগ কৰিছিল অঞ্জলিয়ে। কিন্তু কলকাতালৈ আহিবলৈ অমান্তি হৈছিল সন্দীপ। কালি কলিকতাৰ পৰা একেখন ফ্লাইটত আহিছিল তিনিও।
হোটেলৰ কোঠালিত ফটো বিচাৰি তিনিওৰে মাজত সংঘাত। সংঘাতৰ পিছতে সন্দীপক প্ৰহাৰ অঞ্জলি আৰু বিকাশৰ। অচেতন হোৱা বুলি ভাবি ওলাই আহিছিল অঞ্জলি, বিকাশ। ৪ বজাত হোটেলৰ পৰা ওলাই গৈছিল ২ অভিযুক্ত।
সোমবাৰে বিয়লি ৩ বজাত গুৱাহাটীৰ পঞ্চতাৰকা হোটেলত ৰেডিচন ব্লুত ভয়ংকৰ ঘটনা সংঘটিত হয়। ৰেডিছন ব্লু’ত উদ্ধাৰ বহিঃৰাজ্যৰ যুৱকৰ মৃতদেহ। মৃত যুৱকজনৰ ঘৰ মহাৰাষ্ট্ৰৰ পুনেত বুলি জানিব পৰা গৈছে।
সন্দিপ সুৰেশ কামলি নামৰ যুৱকক হত্যা কৰা হয়। এই ঘটনাৰ সন্দৰ্ভত আজাৰাৰ পৰা ২ যুৱক-যুৱতীক আটক কৰে আৰক্ষীয়ে।প্ৰেমজনিত কাৰণতে হত্যা কৰাৰ সন্দেহ প্ৰকাশ কৰা হৈছে।
বিমানবন্দৰলৈ গৈ থকা পথত আটক যুৱক-যুৱতীক। আজাৰা আৰক্ষীয়ে আটক কৰে দুই যুৱক-যুৱতীহালক। লগতে ঘটনাস্থলীত উপস্থিত হয় CID, ফৰেঞ্চিকৰ দল।
ৰেডিচন ব্লুৰ নৱম মহলাত এই ঘটনাটো সংঘটিত হয়। বৰ্তমান মালিগাঁও থানাত জেৰা অব্যাহত ২ অভিযুক্তৰ।
- Log in to post comments