ভাৰতে ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্যৰ স্থান পাব লাগেঃ ইলন মাস্ক.............

india

ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত ভাৰতে স্থায়ী সদস্যৰ স্থান পাব লাগে বুলি সমৰ্থনত মত আগবঢ়ায় বিশ্বৰ আটাইতকৈ ধনী ব্যক্তি ইলন মাস্ক। মাস্ক ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত স্থায়ী সদস্যৰ স্থানত ভাৰতৰ অনুপস্থিতিক অৰ্থহীন আৰু আশ্বৰ্য্যকৰ বুলি অভিহিত কৰে।

লগতে কয় যে, পৃথিৱীৰ আটাইতকৈ অধিক জনবহুল দেশ হোৱাৰ পিছতো ভাৰত ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত স্থায়ী আসন নথকাটো অৰ্থহীন।

এক টুইটত মাস্ক উল্লেখ কৰে যে কিছু ক্ষেত্ৰত ৰাষ্ট্ৰসংঘৰ সংস্থা সমূহৰ পুনৰীক্ষণৰ প্ৰয়োজন আছে। তদুপৰি আফ্ৰিকাই‌ সামূহিক ভাবে ৰাষ্ট্ৰসংঘৰ স্থায়ী সদস্যৰ স্থান লাভ কৰিব লাগে বুলিও পোষকতা কৰে।

উল্লেখ্য যে ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্য পদৰ স্বীকৃতিৰ বাবে বহুবছৰ ধৰি ভাৰতে দাবী কৰি আহিছে। কিন্তু এই ক্ষেত্ৰত ভাৰত বিভিন্ন সময়ত প্ৰতিৰোধৰ সম্মুখীন হৈছে।

বিশেষকৈ চুবুৰীয়া ৰাষ্ট্ৰ চীনে ভাৰতৰ অন্তৰ্ভুক্তিৰ ক্ষেত্ৰত নিজৰ ভেটো ক্ষমতা ব্যৱহাৰ কৰি বিৰোধ কৰি আহিছে।

অৱশ্যে আমেৰিকা আৰু ফ্ৰান্সকে ধৰি অন্যান্য স্থায়ী সদস্য ৰাষ্ট্ৰবোৰে বিভিন্ন সময়ত ভাৰতৰ প্ৰাৰ্থীত্বক সমৰ্থন জনাই আহিছে।

Category
Profile picture for user UB Photos