প্ৰসংগঃ ধেমাজিৰ বোমা বিস্ফোৰণ! সৰ্বোচ্চ ন্যায়ালয়ৰ জাননী জাৰি, ৫জন অভিযুক্ত আলফাক দোষমুক্ত ঘোষণা...........

high court

প্ৰসংগঃ ধেমাজিৰ বোমা বিস্ফোৰণ
সৰ্বোচ্চ ন্যায়ালয়ৰ জাননী জাৰি
গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ৰায়ৰ বিৰুদ্ধে সৰ্বোচ্চ ন্যায়ালয়ত গোচৰ
৫জন অভিযুক্ত আলফাক দোষমুক্ত ঘোষণা কৰিছিল উচ্চ ন্যায়ালয়ে
এই ৰায়ৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ ৰাজ্য চৰকাৰ

উল্লেখ্য যে, উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ জে কে মহেশ্বৰী, সুধাংশু ঢুলীয়াৰ আদালতে গোচৰটো সন্দৰ্ভত জাননী জাৰি কৰিছে। ২০০৪ চনত ১৫ আগষ্টত সংঘটিত বিস্ফোৰণত ১০টি শিশু আৰু তিনিগৰাকী মহিলাৰ মৃত্যু ঘটিছিল। 

২০১৯ চনৰ ৪ জুলাইত নিম্ন আদালতে দোষী সাব্যস্ত কৰিছিল ৫জন আলফা সদস্যক। অৱশ্যে ২০২৩ চনৰ ২৪ আগষ্টত গুৱাহাটী উচ্চ ন্যায়ালয়ে আটাইকেইজন অভিযুক্তক দোষমুক্ত ঘোষণা কৰিছিল। উচ্চ ন্যায়ালয়ৰ ৰায়ৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত গোচৰ তৰিছিল।

Category
Profile picture for user UB Photos