কিছু সময়ৰ পিছতে স্বাক্ষৰ হ'ব শান্তি চুক্তি! কি আছে এই শান্তি চুক্তিত? কিয় তিনি ভাগত বিভক্ত হ’ব এই চুক্তি? সবিশেষ জানো আহক........

ULFA

কি আছে শান্তি চুক্তিত?
তিনি ভাগত বিভক্ত হ’ব এই চুক্তি
‘ক’ খণ্ডত আছে আলফাৰ দাবীসমূহ
‘খ’ খণ্ডত আছে কেন্দ্ৰীয় চৰকাৰৰ আঁচনিৰ উল্লেখ
‘গ’ খণ্ডত ৰাজ্য চৰকাৰৰ ভূমিকাৰ উল্লেখ থাকিব

অসমৰ জাতি-জনগোষ্ঠীৰ বাবে থাকিব সাংবিধানিক সুৰক্ষা
বৃহত্তৰ অসমীয়াৰ ৰাজনৈতিক অধিকাৰ সুৰক্ষিত হ’ব চুক্তিত
অসমীয়াৰ প্ৰভুত্ব সুৰক্ষিত কৰাৰ বাবে ভূমি অধিকাৰৰ সুৰক্ষা
১০৫টা বিধানসভা সমষ্টি সংৰক্ষিত হ’ব খিলঞ্জীয়াৰ বাবে
সংস্থাপনৰ সুযোগ সৃষ্টিৰ বিষয়ে বিশেষ ব্যৱস্থা
বান-গৰাখহনীয়াক ৰাষ্ট্ৰীয় সমস্যাৰ মৰ্যাদা দিয়াৰ পোষকতা

উল্লেখ্য যে, ৰাজ্যখনৰ যুৱপ্ৰজন্মৰ মাজত দক্ষতা বিকাশৰ জৰিয়তে সংস্থাপনৰ সুযোগ সৃষ্টিৰ পোষকতা কৰা হৈছে শান্তি চুক্তিত। লগতে পৰ্যটনৰ বিকাশ, মূল সূঁতিলৈ উভতি অহা আলফা কেডাৰৰ সংস্থাপনৰ দিহা কৰা, অঞ্চলটোৰ আন্তঃগাঁথনিৰ উন্নয়নৰ ব্যৱস্থা কৰাকে ধৰি বিভিন্ন দিশ শান্তি চুক্তিত সামৰি লোৱাৰ সম্ভাৱনা আছে।
 

Category
Profile picture for user UB Photos