সময়ৰ পাকচক্ৰত সলনি সকলো! কাৰাগাৰত মুখামুখি হ'ব ডাঃ সংগীতা দত্ত আৰু “লেডী সিংঘম” নন্দিনী কাকতি.......

nandita

মহানগৰ আৰক্ষীৰ “লেডী সিংঘম” আখ্যা পোৱা এগৰাকী আৰক্ষী বিষয়া। যাৰ ভয়ত কম্পমান হৈছিল অপৰাধী। নিতৌ অপৰাধীৰ পাছে পাছে দৌৰিছিল এইগৰাকী মহিলা আৰক্ষী বিষয়াই ৷  নাম নন্দিনী কাকতি। ড্ৰাগছ মাফিয়া, জুৱাৰীৰ মূৰৰ কামোৰণি আছিল নন্দিনী ৷ 

সময়ৰ আগত সকলো যে মিছা সেই কথা আকৌ এবাৰ প্ৰমাণিত। সেই “লেডী সিংঘম” আখ্যা পোৱা নন্দিনী কাকতিয়ে দুই নম্বৰী কৰি চাকৰি লোৱাৰ অভিযাগ উত্থাপন হৈছে। ১ ডিচেম্বৰত “লেডী সিংঘম” আখ্যা পোৱা নন্দিনী কাকতিক চাকৰিৰ পৰা নিলম্বিত কৰা হৈছে। 

অভিযোগ অনুসৰি, কেৱল টকাৰ বিনিময়তে ২০১৩ বৰ্ষত তেওঁ অসম লোকসেৱা আয়োগৰ বাছনিত নিৰ্বাচিত হৈছিল। ৰাকেশ পালৰ লগত যোগাযোগ কৰি বৃহৎ ধনৰ বিনিময়ত APS পদ লাভ কৰিছিল বুলি জানিব পৰা গৈছে।

উল্লেখ্য যে, কিছুদিন পূৰ্বে ৰাজ্য জোকাৰি যোৱা চিকিৎসক দম্পতী সংগীতা–ৱালিউলৰ মুখা নন্দিনী কাকতিয়েই খুলিছিল। এগৰাকী কণমানিক বৰ্বৰ নিৰ্যাতন চলোৱাৰ অভিযোগত নন্দিনীয়ে ডাঃ সংগীতা দত্ত আৰু ডাঃ ৱালিউল ইছলামক গ্ৰেপ্তাৰ কৰিছিল। ইয়াৰ পিছতেই তেওঁ লেডী সিংঘম নাম পাইছিল। 

কিন্তু এইগৰাকী লেডী সিংঘমেই এতিয়া গ্ৰেপ্তাৰৰ ক্ষণ গণিছে। যদি SITৰ তদন্তত তেওঁ দোষী হিচাপে প্ৰমাণিত হয় তেন্তে শীঘ্ৰেই গ্ৰেপ্তাৰ কৰা হ’ব পাৰে। যদি "লেডী সিংঘম" গৰাকী গ্ৰেপ্তাৰ হয় তেন্তে তেওঁ ডাঃ সংগীতা দত্তৰ সৈতে একেখন কাৰাগাৰত থাকিব লাগিব। কাৰাগাৰত মুখামুখি হোৱাৰ সময়ত দুয়োৰে মনত কি ভাৱ উৎপন্ন হ’ব তাক লৈও চৰ্চা চলিছে। 

Category