উত্তৰাখণ্ডৰ সুৰংগ দুৰ্ঘটনাৰ উদ্ধাৰ অভিযান! এই সমগ্ৰ অভিযানৰ আঁৰত তিনিজন ব্যক্তিৰ অৱদান সৰ্বাধিক.........

Uttarakhand Tunnel Updates

উত্তৰাখণ্ডৰ সুৰংগ দুৰ্ঘটনাৰ উদ্ধাৰ অভিযান আছিল এটা দলগত প্ৰচেষ্টা। কোনো এজন বা দুজন ব্যক্তিৰ প্ৰচেষ্টাত হয়তো এই অভিযান সফল নহ’লহেঁতেন। কিন্তু এই সমগ্ৰ অভিযানৰ আঁৰত তিনিজন ব্যক্তিৰ অৱদান আছিল সৰ্বাধিক। এই ব্যক্তিকেইজন হ’ল– উত্তৰাখণ্ডৰ IAS বিষয়া নীৰজ খেৰৱাল, আন্দাৰগ্ৰাউণ্ড টানেলিং বিশেষজ্ঞ আৰ্নল্ড ডিক্স আৰু মাইক্ৰ’ টানেলিং বিশেষজ্ঞ খ্ৰীছ কুপাৰ। 

উল্লেখ্য যে, IAS বিষয়া নীৰজ খেৰৱাল আছিল উদ্ধাৰ অভিযানৰ ন’ডেল বিষয়া। উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামীৰ নিৰ্দেশত উদ্ধাৰ অভিযানৰ প্ৰতিটো দিশ নিৰীক্ষণ কৰি সময়সাপেক্ষ সিদ্ধান্ত লৈ উদ্ধাৰ অভিযান সফল হোৱাত নেতৃত্ব বহন কৰিছিল ন’ডেল অফিচাৰ খেৰৱালে। মুখ্যমন্ত্ৰীৰ লগতে প্ৰধানমন্ত্ৰী কাৰ্যালয়ললৈ নিয়মিত তথ্য প্ৰেৰণ কৰিছিল খেৰৱালে। 

ইফালে, উদ্ধাৰ অভিযানক সন্মুখৰ পৰা নেতৃত্ব দিয়া আনজন ব্যক্তি হৈছে আন্তঃৰাষ্ট্ৰীয় ভূগৰ্ভীয় সুৰংগ বিশেষজ্ঞ আৰ্নল্ড ডিক্স। আমেৰিকান অগৰ মেচিনটোৰ ব্যৱহাৰ আৰ্নল্ড ডিক্সৰ তত্বাৱধানতেই চলি আছিল। 

আনহাতে, পৰিস্থিতি সাপেক্ষে উদ্ধাৰ অভিযানত পৰিৱৰ্তন অনাৰ ক্ষেত্ৰত পৰামৰ্শ তথা দিকনিৰ্দেশনা দিছিল আৰ্নল ডিক্সে। কেইবা দশকৰ অভিজ্ঞতাৰে পুষ্ট মাইক্ৰ’ টানেলিং বিশেষজ্ঞ খ্ৰীছ কুপাৰে ১৮ নৱেম্বৰত উদ্ধাৰ অভিযানত যোগদান কৰে। এই তিনিগৰাকী ব্যক্তিৰ লগতে ৰেট মাইনাৰৰ গোট, NDRF, SDRFৰ দল, BROৰ গোট তথা ভাৰতীয় সেনা জোৱানৰ অপৰিসীম চেষ্টাৰ বলতে মুকলি আকাশৰ তললৈ আহিল আটাইকেইজন আবদ্ধ শ্ৰমিক।

Category
Profile picture for user UB Photos