কাইলৈ মঙ্গলবাৰ! আপোনাৰ জীৱনলৈ অহা প্ৰতিটো সমস্যাই সমাধান কৰিব হনুমানে, গতিকে কাইলে কৰক এই কেইটা প্ৰতিকাৰ.........

hanuman ji

কাইলৈ মঙ্গলবাৰ! সপ্তাহৰ মঙলবাৰটো ভগৱান হনুমান জীৰ নামত উৎসৰ্গা কৰা হয়। এই দিনটোত মন্দিৰলৈ গৈ ভগৱান হনুমানক দৰ্শন কৰি তেওঁক বেচন লড়ুৰ ভোগ আৰু সেন্দুৰ অৰ্পণ কৰিলেই শুভফল পোৱা যায় বুলি গণ্য কৰা হয়। লগতে মঙলবাৰৰ দিনটোত কিছু বিশেষ প্ৰতিকাৰ গ্ৰহণ কৰিলে জীৱনৰ বিভিন্ন সমস্যাৰ সমাধান পোৱা যায় বুলি বিশ্বাস কৰা হয়। 

গতিকে ৫ টা প্ৰতিকাৰৰ বিষয়ে জানো আহক - 

১/ যদি আপুনি আন মানুহৰ আগত নিজৰ মতবোৰ স্পষ্টকৈ প্ৰকাশ কৰিব নোৱাৰে তেন্তে মঙলবাৰৰ দিনটোত পাণ এখন লৈ তাত অলপ সেন্দুৰ লগাই সেই পাণখন ভাঁজ কৰি বগা ৰঙৰ উকা কাগজ এখনত মেৰিয়াই হনুমানজীৰ মন্দিৰত অৰ্পণ কৰিলে সুফল পোৱা যায়।

২) যদি আপুনি জীৱনত আৰ্থিক লাভ বৃদ্ধি কৰিব বিচাৰে তেন্তে মঙলবাৰে হনুমান চালিছা সাতবাৰ পাঠ কৰিব লাগে আৰু পাঠ কৰাৰ পিছত হাতযোৰ কৰি হনুমান জীক প্ৰণাম কৰিব লাগে।

৩) যদি আপুনি যিমান পাৰি সোনকালে পাৰিবাৰিক সম্পৰ্কীয় যিকোনো সমস্যাৰ সমাধান কৰিব বিচাৰে তেন্তে মঙলবাৰে গা ধুই লোৱাৰ পিছত হনুমান জীক সেন্দুৰ আগবঢ়াওক লগতে বন্তি জ্বলাওক।

৪) পাৰিবাৰিক সম্পৰ্কত যদি মধুৰতা বজাই ৰাখিব বিচাৰে তেন্তে মঙলবাৰে হনুমান জীক মৌ আগবঢ়াব লাগে। লগতে ‘ওম হন হনুমন্তে নমঃ’ মন্ত্ৰটো ৫১ বাৰ জপ কৰিব লাগে। 

৫) যদি আপুনি সকলো সময়তে কিবা এটা ভয় ভয় অনুভৱ কৰে তেন্তে মঙলবাৰে হনুমান জীৰ ছবি বা মূৰ্তিৰ সন্মুখত ঢাৰি এখন পাৰি বহক। এতিয়া আপোনাৰ সন্মুখত ৰঙা ৰঙৰ কাপোৰ এখন মেলি তাৰ ওপৰত কিছু মচুৰ দাইল ৰাখক। ইয়াৰ পিছত হনুমান চালিছা পাঠ কৰক। পাঠ কৰাৰ পিছত সেই কাপোৰখনত ৰখা দালিখিনি মন্দিৰত দি সেই ৰঙা কাপোৰখন নিজৰ লগত ৰাখক।
 

Category
Profile picture for user UB Photos