পুনৰ পাকিস্তানত নিহত ভাৰতবিৰোধী সন্ত্ৰাসবাদী.......

pakishtan

ভাৰতৰ শত্ৰু হিচাপে বিবেচিত হোৱা এজনৰ পাছত এজনকৈ লোক পাকিস্তানত নিহত হৈছে। ভাৰতত সংঘটিত একাধিক সন্ত্ৰাসবাদমূলক কাৰ্যকলাপত জড়িত থকা লস্কৰ ই তৈবাৰ নেতা আক্ৰাম খান ওৰফে আক্ৰাম গাজীক শেহতীয়াকৈ গুলীয়াই হত্যা কৰা হৈছে।

উল্লেখ্য যে, কোনো‘অজ্ঞাত লোক’ৰ হাতত মৃত্যু হয় লস্কৰৰ সন্ত্ৰাসবাদী। বন্দুকধাৰীয়ে গুলীয়ালে আক্ৰাম খান ওৰফে আক্ৰাম গাজীক। পাকিস্তানৰ বাজৌৰ প্ৰদেশত এই চাঞ্চল্যকৰ ঘটনাটো সংঘটিত হয়। নিহত আক্ৰাম খান লস্কৰ-ই-তৈবাৰ শীৰ্ষ সন্ত্ৰাসবাদী আছিল। 

২০১৮ৰ পৰা ২০২০লৈ লস্কৰৰ নতুন যুৱকক ভৰ্তি কৰোঁৱাৰ দায়িত্বত আছিল নিহত আক্ৰাম খান ওৰফে আক্ৰাম ঘাজি। সততে হিন্দুবিৰোধী তথা ভাৰতবিৰোধী ভাষণ দি প্ৰৰোচিত কৰিছিল পাকিস্তানৰ নাগৰিকক। আক্ৰাম খানৰ হত্যাৰ ঘটনাৰ পিছত অজ্ঞাত লোকৰ হাতত ভাৰতবিৰোধী সন্ত্ৰাসবাদী নিহত হোৱাৰ প্ৰসংগটোৱে আকৌ এবাৰ ISI তথা সন্ত্ৰাসবাদী গোট সমূহক সন্ত্ৰস্ত কৰি তুলিলে।
 
উল্লেখ্য যে, ভাৰতত সন্ত্ৰাসমূলক কাৰ্য সংঘটিত কৰি শত্ৰুতাৰ পৰিচয় দিয়া বহু কেইজন শত্ৰু যোৱা সময়ছোৱাত ভাৰতৰ বাহিৰত হত্যাৰ সন্মুখীন হৈছে। ১০ অক্টোবৰত সন্ত্ৰাসবাদী সংগঠন জৈশ ই মহম্মদৰ নেতা শ্বাহিদ লতিফকো গুলীয়াই হত্যা কৰা হৈছিল। ২০১৬ চনত ভাৰতৰ পাঠানকোটত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণৰ তেওঁ অন্যতম মাষ্টাৰমাইণ্ড আছিল।

প্ৰায় এমাহ পূৰ্বে ভাৰতৰ আন এজন শত্ৰু মুফতি কাইছেৰ ফাৰুককো পাকিস্তানত অচিনাক্ত আক্ৰমণকাৰীয়ে হত্যা কৰিছিল। তেওঁ গুলচন-ই-উমাৰ মাদ্ৰাছাত নিহত হৈছিল। একে সময়তে, লস্কৰৰ মৌলানা জিয়াউৰ ৰহমানকো কৰাচীত আক্ৰমণকাৰীয়ে গুলীয়াই হত্যা কৰে।

মে' মাহত, খালিস্তান কমাণ্ডো বাহিনীৰ মুৰব্বী পৰমজিৎ সিং পাঞ্জৱাৰক লাহোৰত পুৱা খোজ কাঢ়ি থকা অৱস্থাতে আক্ৰমণকাৰীয়ে গুলীয়াই হত্যা কৰে। তেওঁক তেওঁৰ ঘৰৰ ওচৰতে হত্যা কৰা হৈছিল। কানাডাত খালিস্তানি সন্ত্ৰাসবাদী হৰদীপ সিং নিজ্জাৰ আৰু সুখদুল সিং ওৰফে সুখদুল সিং ওৰফে চুখা ডুনেকেকো অচিনাক্ত আক্ৰমণকাৰীয়ে হত্যা কৰিছিল।

Category
Profile picture for user UB Photos