মহানগৰীৰ পিছত এইবাৰ ৰূপহীহাটত গুলী চালনা! বাইকেৰে অহা দুৰ্বৃত্তই গুলীয়ালে এজন লোকক.......

f

ৰূপাহীহাটৰ নাঙলদুৱাত সংঘটিত হয় এক গুলীচালনাৰ ঘটনা। এটা ৮ জনীয়া দুৰ্বৃত্তৰ দলে গুলীয়াই আঘাতপ্ৰাপ্ত কৰে ইমদাদুল ইছলাম নামৰ এজন লোকক। জানিব পৰা মতে,মটৰ চাইকেলেৰে গৈ থকা সময়তে ইমদাদুল ইছলামক গুলীয়াই দুৰ্বৃত্তৰ দলটোৱে। দুৰ্বৃত্তৰ দলটোৱে লোকজনলৈ লক্ষ্য কৰি তিনি জাই গুলী বৰ্ষণ কৰে। সৌভাগ্যক্ৰমে লোকজনৰ প্ৰাণ ৰক্ষা পৰে যদিও এখন হাতত গুলী লাগি আঘাতপ্ৰাপ্ত হয়।

উল্লেখ্য যে,পশ্চিম শিঙিমাৰীৰ আব্দুল জলিল নামৰ লোকজনৰ সৈতে পিষ্টলধাৰী দুৰ্বৃত্তৰ দলটো আছিল বুলি অভিযোগ গুলীবিদ্ধ ইমদাদুলৰ। গুলীবিদ্ধ ইমদাদুলক শিঙিমাৰী প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত ভৰ্তি কৰোৱা হৈছে। ঘটনাস্থলীত ৰূপাহীহাট আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে।
 

Category
Profile picture for user UB Photos