এক অমানৱীয় কাণ্ড! এইবাৰ কোনো দুষ্ট চক্ৰই মাকৰ বুকু উদং কৰি চুৰি কৰি নিলে ২১ দিনীয়া নৱজাতকক......

udalguri

আকৌ এবাৰ সংঘটিত মানৱ সমাজক লজ্জানত কৰা ঘটনা। এইবাৰ কোনো পুত্ৰই বৃদ্ধ পিতৃ-মাতৃক অত্যাচাৰ কৰা বা কোনোৱে কাৰোবাক অসন্মান কৰা ঘটনা নহয়। এইবাৰ ২১ দিনীয়া নৱজাতকক চুৰি কৰা ঘটনাই কপাঁইছে সমগ্ৰ ৰাজ্যক। এই অমানৱীয় ঘটনা সংঘটিত হৈছে ওদালগুৰিৰ কছাৰী ভেটিটুপ গাঁৱত।

udalguri

উল্লেখ্য যে, ওদালগুৰিত শিশু চুৰিৰ দৰে ভয়ংকৰ ঘটনা সংঘটিত হৈছে। মাত্ৰ ২১দিনীয়া নৱজাতকক চুৰি কৰাৰ লৈ অঞ্চলজুৰিত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। জানিব পৰা মতে, নিশা টোপনিৰ সুযোগ লৈয়ে এটা দুষ্ট চক্ৰই এই অমানৱীয় কাণ্ডটো সংঘটিত কৰাৰ সন্দেহ কৰা হৈছে।

udalguri

আনহাতে, ফাইজুল হকৰ পৰিয়ালটো নিশা শুই থাকোঁতেই এই ঘটনা সংঘটিত হয়। মাকৰ বুকুৰ পৰা লৈ যায় দুৰ্বৃত্তই নৱজাতকটিক। ইতিমধ্যেই ঘটনা সন্দৰ্ভত দুৰ্ভগীয়া পৰিয়ালটোৱে আৰক্ষীৰ কাষ চাপিছে।

udalguri

কোনে কি উদ্দেশ্যৰে শিশুটিক অপহৰণ কৰিলে তাক লৈ সৃষ্টি হৈছে ব্যাপক প্ৰতিক্ৰিয়া। ইতিমধ্যেই আৰক্ষীয়ে সমগ্ৰ ঘটনাৰ অনুসন্ধান অব্যাহত ৰাখিছে যদিও কণমানিটিৰ নাই কোনো সন্ধান। দুৰ্বৃত্তক শীঘ্ৰেই চিনাক্ত কৰি কণমানিটিক পৰিয়ালৰ হাতত চমজাই দিয়াৰ বাবে কাতৰ আহ্বান পৰিয়ালটোৰ।


 

Category
Profile picture for user UB Photos