প্ৰেমৰ নামত ভয়ংকৰ ঘটনা
অন্তঃসত্বা প্ৰেমিকাক বিষ খুৱাই হত্যা
ঘটনা কাছাৰৰ কাটিগড়াৰ গড়েৰভিতৰ গাঁৱৰ
প্ৰেমিক আদিত্য কৰ্মকাৰৰ বিৰুদ্ধে হত্যাৰ অভিযোগ
নিৰ্জন স্থানত নি বিষ খাবলৈ বাধ্য কৰাইছিল প্ৰেমিকাক
ঘৰত আহি পৰিয়ালক অৱগত কৰিছিল সমগ্ৰ কথা
চিকিৎসালয়লৈ নিয়াৰ পূৰ্বেই মৃত্যু নাবালিকাৰ
উল্লেখ্য যে নিৰ্জন স্থানত আন দুগৰাকী যুবকক লগত লৈ নাবালিকা প্ৰেমিকাক জোৰজৱৰদস্তি বিষ পান কৰায়৷ ঘটনাৰ পাছতে প্ৰেমিকৰ কৱলৰ পৰা পলাই আহি নাবালিকাগৰাকীয়ে সমগ্ৰ ঘটনা অৱগত কৰে মাতৃক। পিছে নাবালিকাগৰাকীৰ মাতৃয়ে ততাতৈয়াকৈ নাবালিকা কন্যাক হাস্পতালত লৈ যোৱাৰ প্ৰস্তুতি লওঁতেই মৃত্যু হয় নাবালিকাৰ। মৃত নাবালিকাৰ পৰিয়ালৰ অভিযোগ, নাবালিকা জনী অন্তঃসত্ত্বা হোৱাৰ ঘটনা ঘাপ দিয়াৰ বাবেই প্ৰেমিক আদিত্য কৰ্মকাৰে বিষ পান কৰাই হত্যা কৰিছে। ঘটনা সন্দৰ্ভত মৃত নাবালিকাৰ পৰিয়ালে বিহাড়া আৰক্ষী চকীত ৰুজু প্ৰেমিৰ বিৰুদ্ধে ৰুজু কৰিছে এক গোচৰ।
- Log in to post comments