গোলাঘাট কাণ্ডৰ সৈতে জড়িত দুজন অভিযুক্তৰ আটক; লগতে ৰিজাৰ্ভ ক্ল'জ দুই আৰক্ষী বিষয়া.......

Golaghat

গোলাঘাটৰ খুমটাইত সংঘটিত চাঞ্চল্যকৰ ঘটনাৰ সৈতে জড়িত দুজন যুৱকক আটক কৰিছে। আনহাতে ৰিজাৰ্ভ ক্ল'জ কৰা হৈছে চোমনী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া প্ৰভাত শ‌ইকীয়া আৰু কনিষ্টবল মুনীন্দ্ৰ মাধৱ শ‌ইকীয়াৰ।

উল্লেখ্য যে, যোৱা ২ ছেপ্টেম্বৰৰ দিনা বাইকেৰে গৈ থকা অৱস্থাত এজন যুৱকৰ হাত কাটি দুছেও কৰিছিল ডাম্পাৰত অহা দুৰ্বৃত্তই। এই ঘটনাক লৈ তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছিল যদিও গোলাঘাট আৰক্ষীৰ ভূমিকা আছিল ৰহস্যজনক।

golaghat

পৰৱৰ্তী সময়ত খুমটাইৰ বিধায়ক মৃণাল শইকীয়াৰ টুইটৰ পিছতহে পোহৰলৈ আহে এই সমগ্ৰ ঘটনা। এই ভয়ংকৰ ঘটনা সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে ৰাজ্যৰ আৰক্ষী সঞ্চালকপ্ৰধানক টুইটযোগে তদন্তৰ নিৰ্দেশ দিছিল। খুমটাইৰ বিধায়ক মৃণাল শইকীয়াই সৰৱ হৈ টুইট কৰাৰ পিছতে মুখ্যমন্ত্ৰীয়ে লগে লগে আৰক্ষী সঞ্চালকপ্ৰধানক তদন্ত কৰাৰ নিৰ্দেশ দিয়ে। গোলাঘাটৰ আৰক্ষী অধীক্ষকগৰাকীৰ নেতৃত্ব চলি থকা তদন্ত প্ৰক্ৰিয়াৰ মাজতে ডেৰগাওঁ আৰক্ষীৰ সহযোগত ঢেকীয়ালৰ চিনাতলিৰ পৰা দুই যুৱকক আটক কৰিছে।

ঘটনা সন্দৰ্ভত এই দুই যুৱকক সোধ-পোছ অব্যাহত ৰাখিছে। উল্লেখ্য যে প্ৰায় ২৩ দিনৰ পূৰ্বে সংঘটিত হৈছিল এই চাঞ্চল্যকৰ ঘটনা। এগৰাকী ৩০ বছৰীয়া যুৱক বাইকেৰে গৈ থকা অৱস্থাত ডাম্পাৰেৰে অহা দুৰ্বৃত্তই সোঁ হাত কাটি দুছেও কৰি পথাৰৰ মাজত পেলাই থৈ গৈছিল।

এই সন্দৰ্ভত আৰক্ষীক অৱগত কৰিছিল যদিও ৰহস্যজনক কাৰণত আৰক্ষীয়ে কোনো ব্যৱস্থাই গ্ৰহণ নকৰিলে। বৰঞ্চ কৃত্ৰিম হাত লগাই লোৱাৰহে পৰামৰ্শ দিছিল। এনে পৰিস্থিতিত ভুক্তভোগী যুৱকজনৰ অসহায় পিতৃয়ে বিধায়ক মৃণাল শইকীয়াক ঘটনা সন্দৰ্ভত অৱগত কৰে আৰু মৃণাল শইকীয়াই মুখ্যমন্ত্ৰীৰ লগতে আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙক টুইটাৰৰ জৰিয়তে অৱগত কৰে। তাৰ পাছতে ঘটনাক লৈ আৰম্ভ হৈছে আৰক্ষীৰ তদন্ত।

Category
Profile picture for user UB Photos