ডাম্পাৰত অহা কোনো অচিনাক্ত দুৰ্বৃত্তই কাটি থৈ গ’ল এজন যুৱকৰ হাত, বিধায়কৰ টুইটৰ পিছত পোহৰলৈ আহিল সমগ্ৰ ঘটনা......

Golaghat

গোলাঘাটৰ খুমটাইত ভয়ংকৰ ঘটনা। অচিনাক্ত দুৰ্বৃত্তই কাটি থৈ গ’ল এজন যুৱকৰ হাত। গোচৰ তৰিবলৈ যোৱা পৰিয়ালক আৰক্ষীৰ উদ্ভট মন্তব্য। যোৱা ২ ছেপ্টেম্বৰত সংঘটিত হৈছিল এই লোমহৰ্ষক ঘটনাটো। ২৩ দিন ধৰি এই ঘটনা সন্দৰ্ভত কোনো গুৰুত্ব নাই আৰক্ষীৰ। আৰক্ষীয়ে কোনো ধৰণৰ গুৰুত্ব নিদিয়াত ন্যায় বিচাৰি বিধায়কৰ কাষ চাপে যুৱকজনৰ পিতৃ। বিধায়ক মৃণাল শইকীয়াই এই ঘটনা অতি গুৰুত্ব সহকাৰে লৈ মুখ্যমন্ত্ৰীলৈ টুইট কৰে।

ঘটনাৰ বিৱৰণী অনুসৰি, ২ ছেপ্টেম্বৰত সংঘটিত হৈছিল এই ঘটনা। পথ নিৰ্মাণৰ কামত নিয়োজিত হৈ থকা ৩০ বছৰীয়া এজন যুৱকে নিশা ঘৰলৈ ওভতা পথতে ঢেকীয়াল মলিয়া গাঁও নাট্য মন্দিৰৰ সমীপত এখন ডাম্পাৰত অহা দুৰ্বৃত্তই সোঁহাতখন চোকা অস্ত্ৰৰে কাটি ঘটনাস্থলীৰ পৰা পলায়ন কৰে। যুৱকজন বৰ্তমান যোৰহাট চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হৈ আছে।

golaghat

ইমানদিনে অন্ধকাৰত থকা এই ঘটনা পোহৰলৈ আহে বিধায়ক মৃণাল শইকীয়াৰ টুইটৰ পিছতহে। এই ভয়ংকৰ ঘটনা সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে ৰাজ্যৰ আৰক্ষী সঞ্চালকপ্ৰধানক টুইটযোগে তদন্তৰ নিৰ্দেশ দিছে। খুমটাইৰ বিধায়ক মৃণাল শইকীয়াই সৰৱ হৈ টুইট কৰাৰ পিছতে মুখ্যমন্ত্ৰীয়ে লগে লগে আৰক্ষী সঞ্চালকপ্ৰধানক তদন্ত কৰাৰ নিৰ্দেশ দিয়ে। মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পিছতে গোলাঘাটৰ আৰক্ষী অধীক্ষকলৈ তদন্ত কৰাৰ নিৰ্দেশ দিছে DGP জি পি সিঙে।

mrinalcmdgp

উল্লেখযোগ্য যে, পিতৃয়ে ঘটনাৰ পিছতে চুমনি আৰক্ষী চকীত এজাহাৰ দাখিল কৰিছিল যদিও আৰক্ষীয়ে কোনো ব্যৱস্থা নোলোৱাত ২২ ছেপ্টেম্বৰত পুনৰ দেৰগাঁও থানাত এজাহাৰ দাখিল কৰে যুৱকজনৰ। চুমনি আৰক্ষীয়ে এইক্ষেত্ৰত বিগত ২৩ দিনে কোনো ব্যৱস্থা গ্ৰহণ নকৰি কৃত্ৰিম হাত লগাবলৈ নিৰ্দেশ দিছিল। অৱশেষত ন্যায় বিচাৰি যুৱকজনৰ পিতৃয়ে বিধায়ক মৃণাল শইকীয়াৰ কাষ চাপে। বিধায়কগৰাকীয়ে এনে ভয়ংকৰ ঘটনাত তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি তদন্তত হেমাহি কৰা আৰক্ষী বিষয়াৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ দাবীত সৰৱ হৈ পৰে।

Category
Profile picture for user UB Photos