অপেক্ষাৰ অন্ত! ১৪ দিনৰ পিছত চন্দ্ৰৰ বুকুত সূৰ্যৰ কিৰণ, আকৌ এবাৰ সক্ৰিয় হ'ব প্ৰজ্ঞান আৰু বিক্ৰম.......

chandrayan

১৪ দিনৰ অপেক্ষাৰ অন্তত চন্দ্ৰমাৰ দেশত পৰিল সূৰ্যৰ পোহৰ। পৃথিৱীৰ হিচাপত ১৪ দিনত চন্দ্ৰত এটা দিন আৰু আন ১৪টা দিনত এটা নিশা। চন্দ্ৰৰ হিচাপত এটা নিশা অৰ্থাৎ পৃথিৱীৰ হিচাপত ১৪টা দিন পাৰ হোৱাৰ পিছত আজি চন্দ্ৰমাৰ দেশত আঁতৰিছে আন্ধাৰ। এতিয়া সকলোৱে মাথোঁ অপেক্ষা কৰিছে চন্দ্ৰযান–৩ৰ ৰ’ভাৰ প্ৰজ্ঞান আৰু বিক্ৰম লেণ্ডাৰ সাৰ পোৱালৈ।

chandrayan

উল্লেখ্য যে, বিগত ১৪টা দিনে চন্দ্ৰমাৰ বুকুত শুই পৰিছিল প্ৰজ্ঞান আৰু বিক্ৰম। আজি ১৪টা দিন পাৰ হ’ল, এতিয়া সকলোৱে আশা কৰিছে পুনৰ সাৰ পাব বিক্ৰম আৰু প্ৰজ্ঞান। সেই একেই আশা কৰিছিল ISROৰ বিজ্ঞানীসকলেও। ২৩ আগষ্ট ২০২৩ চনৰ সন্ধিয়া ৬ বাজি ৪ মিনিটত ইছৰোৱে চন্দ্ৰ লৈ প্ৰেৰণ কৰা চন্দ্ৰযানে সফল অৱতৰণ কৰিছিল চন্দ্ৰৰ বুকুত। চন্দ্ৰৰ বুকুত অৱতৰণ কৰাৰ পিছৰে পৰা এটাৰ পিছত এটাকৈ সফলতাৰ বাৰ্তা দিছে চন্দ্ৰযানে।

তাৰ মাজতে সকলোকে আচৰিত কৰি দ্বিতীয়বাৰলৈ ছফ্ট লেণ্ডিং কৰিছিল বিক্ৰম লেণ্ডাৰে। ইছৰ’ৰ বিজ্ঞানীসকলৰ এই প্ৰচেষ্টাই সমগ্ৰ দেশ তথা বিশ্ববাসীক দিছিল নতুন চমক।

chandrayan

উল্লেখযোগ্য যে, ২ ছেপ্টেম্বৰৰ নিশা ৯ বাজি ২০ মিনিটৰ পৰা ৯ বাজি ২২ মিনিটৰ ভিতৰত বিক্ৰম লেণ্ডাৰে দ্বিতীয়বাৰৰ বাবে চন্দ্ৰৰ বুকুত ছফ্ট লেণ্ডিং কৰিছিল। বিক্ৰম লেণ্ডাৰে আনকি ছফ্ট লেণ্ডিঙৰ পূৰ্বৰ আৰু পিছৰ ফটোও প্ৰেৰণ কৰিছিল। অকল সেয়াই নহয় বিক্ৰম লেণ্ডাৰে ২৫ আগষ্ট আৰু ৩ ছেপ্টেম্বৰৰ নিজৰ পজিচনৰ ফটোও প্ৰেৰণ কৰিছিল।

৪ ছেপ্টেম্বৰত ISRO–এ ঘোষণা কৰিছিল যে নিশা ৮ বজাৰ পৰা শ্লিপিং মুডলৈ গৈছিল লেণ্ডাৰ বিক্ৰম। পুনৰ সূৰ্যৰ পোহৰ নোপোৱালৈ শ্লিপিং মুডত থাকিব লেণ্ডাৰ বিক্ৰম। সুৰক্ষিত স্থানত পাৰ্কিং কৰা হৈছিল ৰ’ভাৰ প্ৰজ্ঞানকো। ISRO–এ আশা প্ৰকাশ কৰিছিল যে ২২ ছেপ্টেম্বৰত পুনৰ সূৰ্যৰ পোহৰ পৰিব চন্দ্ৰপৃষ্ঠত। সূৰ্যৰ পোহৰ পাই চাৰ্জ লৈ পুনৰ সক্ৰিয় হৈ উঠিব লেণ্ডাৰ বিক্ৰম।

chandrayan

যদিহে ইছৰোৰ বিজ্ঞানীয়ে আশা কৰা ধৰণে হয়, তেন্তে চন্দ্ৰমাৰ বুকুত পুনৰ সাৰ পাব প্ৰজ্ঞান–বিক্ৰম। আৰু সেয়া হ’ব ভাৰতৰ বাবে, সমগ্ৰ বিশ্বৰ বাবে, বিজ্ঞানৰ বাবে এক চমৎকাৰ। সূৰ্যৰ পোহৰ গাত পৰা লগে লগে যদিহে প্ৰজ্ঞান আৰু বিক্ৰমে সাৰ পায়, তেন্তে চন্দ্ৰমাৰ বুকুৰ অধিক ৰহস্য ভেদ হোৱাৰ আশা নুই কৰিব নোৱাৰি। এতিয়া অপেক্ষা মাথোঁ সময়লৈ। আশাবাদী ইছৰোৰ বিজ্ঞানী, আশাবাদী ভাৰত।

Category
Profile picture for user UB Photos