আকৌ এবাৰ আশাৰ বতৰা! পুনৰ চন্দ্ৰৰ বুকুত অভিযান আৰম্ভ কৰিব ভাৰতৰ চন্দ্ৰযান-৩ য়ে....অপেক্ষা মাথোঁ কিছু ক্ষণৰ......

chandrayan

সকলো বাধা নেওচি অবিৰতভাৱে পৰিশ্ৰম কৰি গৈছে ইছৰোৰ বিজ্ঞানীসকলে। আশা কৰাতকৈ ভাল ফল দেখুৱাবলৈ সক্ষম হৈছে ভাৰতৰ চন্দ্ৰযান-৩ ৰ বিক্ৰম আৰু প্ৰজ্ঞানে। নিজৰ সকলো কাম সুকলমে কৰি চন্দ্ৰপৃষ্ঠতে শুই আছে বিক্ৰম আৰু প্ৰজ্ঞান।

ইছৰোৰ বিজ্ঞানীসকলে জনোৱা অনুসৰি, এতিয়া যিহেতু চন্দ্ৰপৃষ্ঠত ৰাতি হৈ আছে সেইবাবে দুয়োখন যান নিষ্ক্ৰিয় হৈ আছে। আগন্তুক ৪ দিনৰ পাছতেই চন্দ্ৰপৃষ্ঠত সূৰ্যোদয় হ'ব আৰু সূৰ্যোদয়ৰ পাছত প্ৰজ্ঞান আৰু বিক্ৰমক পুনৰ এবাৰ জগাই তুলিবলৈ চেষ্টা কৰিব ইছৰোৰ বিজ্ঞানীসকলে।

chandrayan

পুনৰ এবাৰ ইতিহাস ৰচিবলৈ সক্ষম হ'ব নে চন্দ্ৰযান-৩ৰ প্ৰজ্ঞান আৰু বিক্ৰমে? প্ৰজ্ঞান আৰু বিক্ৰমক জগাই তুলিবলৈ ইতিমধ্যেই ইছৰোৰ বিজ্ঞানীসকলে প্ৰহৰ গণিবলৈ আৰম্ভ কৰিছে। ২২ ছেপ্টেম্বৰৰ দিনটোত হয়তো আকৌ এবাৰ ঐতিহাসিক ক্ষণৰ সাক্ষী হ'ব পাৰে বিশ্ববাসী। কেৱল মাত্ৰ ৪ দিনৰ পিছতে টোপনিৰ পৰা উঠি 'গুডমৰ্ণিং' জনাব পাৰে প্ৰজ্ঞানে। যদিহে এয়া সম্ভৱ হয় তেন্তে নতুন ইতিহাস ৰচিবলৈ সক্ষম হ'ব ভাৰত। কিন্তু ইছৰোই জনোৱামতে প্রত্যাশা ১০০ শতাংশ ৰাখিব নালাগে। ২৩ আগষ্টত চন্দ্ৰত অৱতৰণৰ পাছত ২ ছেপ্টেম্বৰলৈ কাম কৰি শুই পৰিছিল ৰোভাৰ প্ৰজ্ঞান। ভাৰতীয় মহাকাশ গৱেষণা সংস্থাৰ তৰফৰ পৰা জনোৱা অনুসৰি ৰোভাৰৰ বেটেৰীৰ এতিয়াও সম্পূর্ণ চার্জ আছ।

chandrayan

উল্লেখ্য যে, ২২ ছেপ্টেম্বৰত চন্দ্ৰত সুর্যোদয় হ'ব। সেই সময়ত যাতে সূৰ্যৰ পোহৰ পায় তেনেকৈ ৰোভাৰ চলাৰৰ পেনেল ছেট কৰি থোৱা আছে। ৰিছিভাৰো এক্টিভ হৈ আছে। সূৰ্যৰ পোহৰ মুখত পৰিলে জাগি উঠিব পাৰে প্ৰজ্ঞান আৰু যদি সেয়া হৈ নুঠে তেন্তে চিৰকাল চন্দ্ৰৰ মাটিতেই শুই থাকিব প্ৰজ্ঞান।

চন্দ্ৰৰ দক্ষিণ মেৰুতেই অৱতৰণ কৰি আছে লেণ্ডাৰ বিক্ৰম আৰু ৰোভাৰ প্ৰজ্ঞানে। চন্দ্ৰত যেতিয়া সূর্য অস্ত যায় তেতিয়া দক্ষিণ মেৰুত তাপমাত্রা অভাৱনীয়ভাৱে কমি যায়। সেই কাৰণেই লেণ্ডাৰ আৰু ৰোভাৰক শুৱাই দিয়া হৈছে।

Category
Profile picture for user UB Photos