মহানগৰীত পুনৰ চাইবাৰ অপৰাধীৰ বিৰুদ্ধে অভিযান, গ্ৰেপ্তাৰ ৫২ জন....

Cyber Crime

মহানগৰীৰ চাইবাৰ অপৰাধ কাণ্ডত আৰু ৫২ জনক গ্ৰেপ্তাৰ কৰা হৈছে। গ্ৰেপ্তাৰ কৰা আটাইকে আজি আদালতত হাজিৰ কৰোৱা হয়। যোৱা কালি আৰক্ষীৰ অভিযানত ১৯১ক আটক কৰা হৈছিল, সোধা–পোছাৰ অন্তত ১৩৯জনক যাবলৈ দিয়া হয়। যিসকলৰ অধিকাংশ কৰ্মচাৰী কল চেণ্টাৰত প্ৰশিক্ষণৰ অৱস্থা আছিল লগতে পেটৰ ভাতৰ বাবে কামত নিয়োজিত হৈছিল, তেনে ১৩৯জনক যাবলৈ দিয়ে মহানগৰ আৰক্ষীয়ে।

উল্লেখ্য যে, চাইবাৰ অপৰাধৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান ইমানতে শেষ হোৱা নাই। গ্ৰেপ্তাৰ কৰাসকলৰ আইনী কাম শেষ হ’লে পুনৰ চলিব অভিযান। এই মন্তব্য কৰিছে আৰক্ষী আয়ুক্ত দিগন্ত বৰাই।

আনহাতেে, অবৈধ কল চেণ্টাৰৰ বিৰুদ্ধে মহানগৰ আৰক্ষীৰ ধাৰাবাহিক অভিযান অব্যাহত আছে ৷ শুকুৰবাৰে নিশাও বিভিন্ন স্থানত অভিযান চলালে আৰক্ষীয়ে। ইতিমধ্যে গ্ৰেপ্তাৰ হোৱা কল চেণ্টাৰৰ কৰ্মচাৰীক লগত লৈ অভিযান। এবিচিকে ধৰি বহুকেইটা স্থানত আৰক্ষীয়ে চলায় অভিযান। গ্ৰেপ্তাৰ কৰা তিনি মাষ্টাৰমাইণ্ডক ওৰেনিশা জেৰা চলায় ক্ৰাইম ব্ৰাঞ্চে।

বৃহস্পতিবাৰে নিশাও মহানগৰীৰ বহু অবৈধ কল চেণ্টাৰত চলিছিল ক্ৰাইম ব্ৰাঞ্চ আৰু মহানগৰ আৰক্ষীৰ অভিযান। আৰক্ষী আয়ুক্তৰ নেতৃত্বত গুৱাহাটীৰ বামুণীমৈদাম, বৰবাৰী, ৰাজগড়, গান্ধীবস্তি আদি অঞ্চলত চলিছিল অভিযান। মহানগৰীৰ চেন্ট্রেল মল, এবিচি, ভিভাণ্টা, জুৰোড তিনিআলি, গণেশগুৰিতো চলিছিল অভিযান।
 

Category
Profile picture for user UB Photos