গভীৰ ৰহস্য! বহু গৱেষণাৰ অন্তত উত্তৰ বিচাৰি নোপোৱা চন্দ্ৰৰ সেই ৬ গভীৰ ৰহস্যৰ উদঘাটন কৰিবনে চন্দ্ৰযান–৩য়ে?......

moon

বিগত ২৩ আগষ্টত চন্দ্ৰৰ দেশত সফলভাৱে অৱতৰণ কৰিছে ভাৰতৰ চন্দ্ৰযান–৩। বিশ্বৰ দৰবাৰত ভাৰতক অন্য এক স্থানত উপনীত কৰালে ISRO–এ। এই অভিযানৰ ফলত চন্দ্ৰ সম্পৰ্কে আৰু অধিক তথ্য জানিব পাৰিব বুলি ধাৰণা কৰিছে বিজ্ঞানীসকলে। দীৰ্ঘ ৫০ বছৰ ধৰি চন্দ্ৰৰ যিবোৰ ৰহস্য এতিয়াও উদঘাটন কৰিব পৰা নাই, সেইবোৰ ৰহস্যৰ সমাধানৰ অপেক্ষাত আছে সমগ্ৰ বিশ্ব।

চন্দ্ৰৰ দক্ষিণ মেৰুত ভাৰতৰ চন্দ্ৰযান–৩ অৱতৰণ কৰিছে। চন্দ্ৰৰ দক্ষিণ মেৰুত অৱতৰণ কৰা প্ৰথম দেশখন হৈছে ভাৰত। আনহাতে, চন্দ্ৰত ৰ’ভাৰ অৱতৰণ কৰোৱাৰ ক্ষেত্ৰত চতুৰ্থ দেশ হিচাপে পৰিগণিত হৈছে ভাৰত। অন্তিমবাৰ মানুহ চন্দ্ৰত উপস্থিত হৈছিল ১৯৭২ চনত। 

moon

Apollo11ৰ পৰা অনা চন্দ্ৰৰ শিল আৰু মাটিৰ নমুনাই এই বিষয়ত নিঃসন্দেহে বহু তথ্য দিছে। কিন্তু সেয়াও যথেষ্ট নহয়। বহু প্ৰশ্নৰ উত্তৰ এতিয়াও পাবলৈ বাকী। আনকি দহ বছৰ পূৰ্বে চন্দ্ৰৰ দক্ষিণ মেৰুত নাছাই যি পানীৰ সন্ধান পাইছিল তাক লৈও বহু কথাই অস্পষ্ট।

চন্দ্ৰৰ দ্বিতীয় বৃহত্তম ৰহস্য হ’ল তাত পানীৰ উপস্থিতি। ২০০৮ চনত চন্দ্ৰযান–১–এ চন্দ্ৰৰ দক্ষিণ মেৰুত প্ৰচূৰ বৰফৰ সন্ধান পাইছিল। চন্দ্ৰত পানী থাকিলে আৰু সেয়া ব্যৱহাৰযোগ্য হ’লে ভৱিষ্যতে মানুহে চন্দ্ৰত স্থায়ীভাৱে বসবাস কৰা সম্ভৱ হ’ব বুলি ধাৰণা কৰে বিজ্ঞানীসকলে। কিন্তু চন্দ্ৰত কিদৰে এই পানী আছে আৰু এতিয়ালৈ সেয়া কিদৰে আছে সেয়াও কোনোৱে নাজানে। এই বিষয়ে বহু তত্ত্ব আছে, কিন্তু সেইবোৰ কোনোৱে নিশ্চিতভাৱে ক’ব পৰা নাই। আশা কৰা হৈছে, প্ৰজ্ঞান ৰ’ভাৰে চন্দ্ৰৰ পানীৰ সেই ৰহস্য বহু পৰিমাণে উন্মোচন কৰিব। 

moon

পৃথিৱীৰ আভ্যন্তৰীণ ভূ–আন্তঃগাঁথনি সক্ৰিয় হোৱা বাবে ভূমিকম্প হয়। কিন্তু চন্দ্ৰত কিয় ভূমিকম্প হয়, সেয়াও এক ৰহস্য। এপলো যুগত চন্দ্ৰত স্থাপিত ছিছম’মিটাৰবোৰ ১৯৬৯ৰ পৰা ১৯৭৭ চন পৰ্যন্ত চন্দ্ৰৰ ভূমিকম্পৰ মাত্ৰা পৰিমাপ কৰিছে। তাত দেখা গৈছে, চন্দ্ৰও ভূতাত্ত্বিকভাৱে সক্ৰিয়। কিন্তু সেয়া কিদৰে সেয়াও জানিবলৈ বাকী।

চন্দ্ৰৰ দক্ষিণ মেৰু য’ত চন্দ্ৰযান–৩ৰ লেণ্ডাৰ অৱতৰণ কৰিছে, তাত আছে বিশাল এক ক্ৰেটাৰ। বিজ্ঞানীসকলে জনাইছে, সেই সুগভীৰ ক্ৰেটাৰৰ ভিতৰত কিবা এটা আছে যিয়ে চন্দ্ৰৰ মাধ্যকৰ্ষণ শক্তিকো প্ৰভাৱিত কৰে। ইয়াক কোৱা হয় আইটকেন বেছিন। এই বেছিনক লৈও ৰহস্য উন্মোচন হোৱা প্ৰয়োজন।

moon

পৃথিৱীৰ পৰা চন্দ্ৰৰ এটা পৃষ্ঠই দেখা যায়। অৰ্থাৎ পৃথিৱীৰ চাৰিওফালে চন্দ্ৰৰ এবাৰ ঘূৰিবলৈ যিমান সময় লাগে, চন্দ্ৰৰ নিজৰ কক্ষপথৰ চাৰিওফালে ঘূৰিবলৈও সেই একেই সময় লাগে। কিন্তু কিয় আৰু কিদৰে এনে হয় সেয়াও আজিপৰ্যন্ত ৰহস্য হৈ আছে।

নিঃসন্দেহে চন্দ্ৰ এটা অত্যন্ত ৰহস্যময় স্থান। ইয়াত বহুদিন ধৰি কোনো ধৰণৰ আগ্নেয়গিৰিৰ উদগীৰণৰ ঘটনা ঘটা নাই। কিন্তু গৱেষণাত দেখা গৈছে, প্ৰায় ১০০ মিলিয়ন বছৰ পূৰ্বে চন্দ্ৰত বহু আগ্নেয়গিৰি সক্ৰিয় আছিল। কিন্তু সমস্যা হ’ল, চন্দ্ৰৰ আগ্নেয়গিৰিৰ কাৰ্যকলাপ সম্পৰ্কে বা তাৰ ভূতাত্ত্বিক অৱস্থা সম্পৰ্কে আমাৰ ওচৰত তেনে কোনো তথ্য নাই। কিন্তু আশা কৰা হৈছে, চন্দ্ৰৰ নতুন নমুনাৰ ক্ষেত্ৰত সহায়ক হ’ব পাৰে চন্দ্ৰযান–৩। 
 

Category
Profile picture for user UB Photos