বিক্ৰমৰ পাছত এইবাৰ প্ৰজ্ঞানে দেখুৱাব চমক! ১৪ দিন ধৰি চন্দ্ৰক নিৰীক্ষণ কৰিব প্ৰজ্ঞানে.............

ISRO

কালিৰ দিনটো আছিল ভাৰতৰ বাবে এক ঐতিহাসিক দিন। কালিৰ দিনটোতে ভাৰতৰ চন্দ্ৰযান-৩ য়ে সফলভাৱে চন্দ্ৰত অৱতৰণ কৰিলে।

উল্লেখ্য যে, চন্দ্ৰযান–৩য়ে চন্দ্ৰপৃষ্ঠত সফলভাৱে ছফ্ট লেণ্ডিং কৰাৰ পিছত এতিয়া ৰ’ভাৰ প্ৰজ্ঞানে আৰম্ভ কৰিব নিজৰ কাম। ISROৰ বিজ্ঞানীয়ে নিৰ্ধাৰণ কৰা ১৪ দিনীয়া কাৰ্যসূচী আৰম্ভ কৰিব প্ৰজ্ঞানে। চন্দ্ৰপৃষ্ঠৰ বিভিন্ন বিষয়ৰ তথ্য সংগ্ৰহ কৰিব প্ৰজ্ঞানে। টাইম্ছ অব ইণ্ডিয়াৰ ৰিপ’ৰ্ট অনুসৰি, বৈজ্ঞানিকসকলে প্ৰয়াস কৰিব যাতে ৰ’ভাৰৰ জৰিয়তে চন্দ্ৰৰ পৰা অধিক তথ্য সংগ্ৰহ কৰিব পাৰি।

ISRO

ৰ’ভাৰ ‘প্ৰজ্ঞান’ হ’ল এখন ৬ চকীয়া ৰব’টিক বাহন, যিয়ে চন্দ্ৰপৃষ্ঠত ঘূৰিব আৰু ফটো সংগ্ৰহ কৰিব। প্ৰজ্ঞানত ইছৰ’ৰ LOGO আৰু ত্ৰিৰংগা সংলগ্ন হৈ আছে। লেণ্ডাৰ বিক্ৰমে চন্দ্ৰপৃষ্ঠত অৱতৰণ কৰাৰ চাৰি ঘণ্টা পিছত প্ৰজ্ঞান বাহিৰলৈ ওলাই আহে। প্ৰজ্ঞান ১ ছেণ্টিমিটাৰ প্ৰতি ছেকেণ্ড গতিবেগত চলিব। কেমেৰাৰ সহায়ত ৰ’ভাৰে চন্দ্ৰত থকা সামগ্ৰীৰ স্কেনিং কৰিব।

প্ৰজ্ঞানে চন্দ্ৰৰ জলবায়ু কেনেকুৱা তাৰো সন্ধান কৰিব। ইয়াত এনে ধৰণৰ পে’লোড লগোৱা হৈছে, যিয়ে চন্দ্ৰপৃষ্ঠৰ বিষয়ে অধিক তথ্য প্ৰেৰণ কৰিব পাৰিব। ৰভাৰে চন্দ্ৰপৃষ্ঠত থকা আয়ন আৰু ইলেক্ট্ৰনৰ পৰিমাণো চিনাক্ত কৰিব।

ISRO

উল্লেখযোগ্য যে ৰ’ভাৰ প্ৰজ্ঞান যেতিয়া চন্দ্ৰপৃষ্ঠত আগবাঢ়িব তেতিয়া, চন্দ্ৰপৃষ্ঠত ভাৰতীয় ত্ৰিৰংগা আৰু ইছৰ’ৰ LOGO অংকন হ’ব। ইছৰ’ৰ মুৰব্বী এছ সোমনাথে কয় যে পৃথিৱীৰ ১৪ দিনত প্ৰজ্ঞানে কিমান দূৰ অতিক্ৰম কৰিব সেয়া এতিয়াই অনুমান কৰিব নোৱাৰি।

ভাৰতীয় মহাকাশ গৱেষণা কেন্দ্ৰ (ISRO)ৰ মতে, লেণ্ডাৰ আৰু ৰ’ভাৰত পাঁচটা বৈজ্ঞানিক পে’লোড আছে যাক লেণ্ডাৰ মডিউলৰ ভিতৰত ৰখা হৈছে। লেণ্ডাৰ আৰু ৰ’ভাৰ দুয়োৰে জীৱন কাল এক এক চন্দ্ৰদিন, যিটো পৃথিৱীৰ ১৪ দিনৰ সমান। ইছৰ’ৱে কয় যে চন্দ্ৰপৃষ্ঠত বৈজ্ঞানিক প্ৰয়োগ কৰাৰ বাবে ৰ’ভাৰে চন্দ্ৰ অভিযানক নতুন মাত্ৰা প্ৰদান কৰিব।

Category
Profile picture for user UB Photos