
বিশ্বনাথৰ বুঢ়ীগাং নদীত বুধবাৰে নিশা শশাংক কটকীৰ মৃতদেহ উদ্ধাৰ। মৃতদেহ উদ্ধাৰ হোৱাৰ পিছতে বুধবাৰে নিশা শশাংকৰ পত্নীক আটক কৰিছে বিশ্বনাথ আৰক্ষীয়ে। শশাংকৰ পত্নী লক্ষ্যহীৰা ভূঞা কটকীয়ে শশাংকক হত্যা কৰাৰ সন্দেহ পৰিয়ালৰ লোকৰ। পৰিয়ালৰ লোকৰ এজাহাৰৰ ভিত্তিতেই বিশ্বনাথ আৰক্ষীয়ে আটক কৰিছে শশাংকৰ পত্নীক।
পৰিয়ালৰ লোকৰ অভিযোগ অনুসৰি, মৃত শশাংক কটকী আৰু পত্নী লক্ষ্যহীৰা ভূঞা কটকীৰ মাজত আছিল পাৰিবাৰিক কণ্ডল। লগতে লক্ষ্যহীৰা ভূঞা কটকীৰ আছিল দীপাংকৰ বৰা নামৰ যুৱকজনৰ সৈতে অবৈধ সম্পৰ্ক। সেয়েহে পত্নী লক্ষ্যহীৰাই শশাংকৰ বন্ধুৰ সৈতে মিলি স্বামী শশাংকক হত্যা কৰাৰ অভিযোগ তুলিছে পৰিয়ালৰ লোকে।
শেহতিয়াকৈ মৃত শশাংক কটকীয়ে মাটি বিক্ৰী কৰি লাভ কৰিছিল প্ৰায় ২২ লাখ টকা। ধনৰ লোভতে পত্নী লক্ষ্যহীৰা ভূঞা কটকীয়ে নিজৰ অবৈধ প্ৰেমিক দীপাংকৰ বৰাৰ লগত মিলি স্বামী শশাংক কটকীক হত্যা কৰাৰো সন্দেহ কৰা হৈছে। আনহাতে, চাৰিদিন পূৰ্বে এখন চেকক লৈ শশাংক আৰু লক্ষ্যহীৰাৰ মাজত হৈছিল কাজিয়া।
উল্লেখযোগ্য যে মঙলবাৰে অৰ্থাৎ ১৫ আগষ্ট দিনা নদীৰ পাৰত উদ্ধাৰ হৈছিল শশাংকৰ মোবাইল আৰু কাপোৰ। জানিব পৰা মতে, সেইদিনা বন্ধুৰ সৈতে নদীত গা-ধুই, নদীৰ পাৰতে ৰান্ধি দুপৰীয়াৰ এসাঁজ খাইছিল যুৱকজনে। দুপৰীয়াৰ সাঁজ খোৱাৰ পিছত পুনৰ নদীত গা-ধুবলৈ যোৱা যুৱকজনক বিচাৰি নাপালে বুলি প্ৰকাশ কৰিছিল লগত থকা বন্ধু কেইজনে। বুধবাৰে SDRF–এ অভিযান চলাই উদ্ধাৰ কৰিছিল শশাংকৰ মৃতদেহ।
মৃতদেহ উদ্ধাৰ হোৱাৰ পিছতে পৰিয়ালৰ লোকে শশাংকক পৰিকল্পিতভাৱে হত্যা কৰাৰ সন্দেহ কৰিছিল। আৰক্ষীয়ে আটক কৰিছিল চতিয়াৰ চতিয়াল গাঁৱৰ শশাংকু হাজৰিকা, বিশ্বনাথ চাৰিআলি খৰাশিমলুৰ আকাশ বৰা, লেছুবাৰীৰ সোণমনি দাস আৰু বামগাৱৰ বিপুল দাস নামৰ চাৰি বন্ধুক। বিশ্বনাথ আৰক্ষীয়ে মৃত যুৱকজনৰ বন্ধু চাৰিজনক গ্ৰেপ্তাৰ কৰাৰ লগতে বুধবাৰে নিশা মৃত শশাংক কটকীৰ পত্নী লক্ষ্য হীৰা ভূঞা কটকীকো বিশ্বনাথ আৰক্ষীয়ে আটক কৰি সোধা-পোছা অব্যাহত ৰাখিছে।
পৰিয়ালৰ অভিযোগ অনুসৰি এসপ্তাহমান পূৰ্বেও দিপাংকৰ বৰা আন দুজন যুৱকৰ সৈতে শশাংকক ঘৰৰ সন্মুখত আহি তেওঁক প্ৰাণে মৰাৰ চেষ্টা কৰিছিল। বৰ্তমান পলাতক অৱস্থাত আছে দিপাংকৰ।
- Log in to post comments