Afghanistan crisis

তালিবানে আফগানিস্তানত চৰকাৰ গঠনৰ কেইদিনমান পিছতে এক আপত্তিজনক মন্তব্য কৰা পৰিলক্ষিত হৈছে। তালিবানৰ মতে, মহিলাসকল মন্ত্ৰী হ’ব নোৱাৰে। তেওঁলোকে অকল সন্তান জন্ম দিব লাগে।

তালিবানৰ মুখপাত্ৰ চৈয়দ জাকাৰুল্লাহ হাছিমীয়ে টোলো নিউজক দিয়া এটা সাক্ষাৎকাৰত কয় যে মহিলাসকল মন্ত্ৰী হ’ব নোৱাৰে আৰু তেওঁলোকে সন্তানহে জন্ম দিব লাগে। মহিলাসকল কেবিনেটত থকাটো জৰুৰী নহয়। কাৰণ এইয়া ভৰ ডাঙিব নোৱাৰা কিবা এটা ডিঙিত ওলমাই দিয়াৰ দৰে কথা।