Ram Mandir Pranpratisthya

২২ জানুৱাৰীলৈ মাজত মাথোঁ এটা দিন। অযোধ্যাৰ লগতে সমগ্ৰ দেশত এতিয়া দেখিবলৈ পোৱা গৈছে ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠাৰ উছাহ। বহু প্ৰতিক্ষীত অযোধ্যাৰ ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠাৰ পূৰ্বে শুকুৰবাৰে কোটি কোটি ৰাম ভক্তৰ বাবে আনুষ্ঠানিকভাৱে মুকলি কৰা হয় মন্দিৰৰ গৰ্ভগৃহত প্ৰতিষ্ঠা কৰা বালক ৰামৰ মূৰ্তিৰ মুখমণ্ডল। 

ধৰ্মীয় ৰীতি-নীতিৰে অযোধ্যাৰ ৰাম মন্দিৰৰ গৰ্ভগৃহত ৫১ ইঞ্চিৰ বালক ৰামৰ মূৰ্তি স্থাপন কৰাৰ পিছত মন্দিৰ কৰ্তৃপক্ষই মূৰ্তিটোৰ আলোকচিত্ৰ ভক্তৰ বাবে মুকলি কৰে। মন্দিৰটোৰ ব্যৱস্থাপনাত থকা শ্ৰীৰাম জনমভূমি তীৰ্থ ক্ষেত্ৰ ন্যাসে প্ৰাণ প্ৰতিষ্ঠা উৎসৱৰ বাবে প্ৰৱেশ পত্ৰও মুকলি কৰে।