ramoji film city

হায়দৰাবাদৰ ৰামোজী ফিল্ম চিটিত ৰূপালী জয়ন্তী অনুষ্ঠানত অঘটন। লোহাৰ পিঞ্জৰা ভাঙি আমেৰিকা যুক্তৰাষ্ট্ৰৰ বহুজাতিক চফটৱেৰ কোম্পানীৰ ভাৰতীয় প্ৰতিষ্ঠাপক তথা মুখ্য কাৰ্য্যবাহী সঞ্জয় শ্বাসৰ মৃত্যু হয়। কোম্পানীৰ অধ্যক্ষ গৰাকীও গুৰুতৰভাৱে আহত হয়।

উল্লেখ্য যে, ভিষ্টেক্স এছিয়া পেচিফিক প্ৰাইভেট লিমিটেডৰ ৰূপালী জয়ন্তী উদযাপনৰ সময়ত সংঘটিত হয় এই দুৰ্ঘটনা। ৰূপালী জয়ন্তী অনুষ্ঠানত চিইঅ’ সঞ্জয় শ্বাস আৰু অধ্যক্ষ বিশ্বনাথ ৰাজুয়ে এটা লোহাৰ পিঞ্জৰাত প্ৰৱেশ কৰে, যিটো উচ্চতাৰ পৰা নমাই আনিব লাগিছিল আৰু নমাই অনাৰ সময়তে লোৰ শিকলি এফালে ভাঙি এই দুৰ্ঘটনা সংঘটিত হয়।