vehical act

কেন্দ্ৰীয় চৰকাৰে প্ৰণয়ন কৰা নতুন ফৌজদাৰী আইনৰ “হিট এণ্ড ৰান” সম্পৰ্কীয় ধাৰা বৰ্তমানে সৰ্বত্ৰ চৰ্চাত। দেশৰ ভিন্ন প্ৰান্তৰ চালকসকলৰ লগতে অসমৰ মটৰ শ্ৰমিক সন্থায়ো আইন খন বাতিলৰ দাবীত গ্ৰহন কৰিছে প্ৰতিবাদী কাৰ্যসূচী। 

অসমৰ মটৰ শ্ৰমিক সন্থাৰ এই প্ৰতিবাদক সমৰ্থন জনাইছে ৰাইজৰ দল আৰু ৰাইজৰ দলৰ ভাতৃ সংগঠন জাতীয় যুৱ বাহিনীয়ে। সংশ্লিষ্ট ধাৰাক চালক বিৰোধী আখ্যা দি এই ধাৰা বাতিল নকৰা পৰ্যন্ত চালক সকলৰ প্ৰতিবাদলৈ সম্পূৰ্ণ সহযোগীতা আগবঢ়ায় যাব ৰাইজৰ দলে। এই মন্তব্য বিধায়ক অখিল গগৈৰ।