Indian Congress

উপ-ৰাষ্ট্ৰপতি তথা ৰাজ্যসভাৰ অধ্যক্ষ জগদ্বীপ ধনখড়ৰ মিমিক্ৰিক লৈ উত্তাল হৈ উঠিছে দিল্লীৰ ৰাজনীতি। তৃণমূল কংগ্ৰেছৰ সাংসদ কল্যাণ বেনাৰ্জীয়ে উপ-ৰাষ্ট্ৰপতিগৰাকীৰ আচাৰ-ব্যৱহাৰক নকল কৰা আৰু সাংসদজনৰ কৰ্মকাণ্ড কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে কেমেৰাত দৃশ্যবন্দী কৰা কাৰ্যক কঠোৰ ভাষাত সমালোচিত হৈছে। 

সংসদ ভৱন বাহিৰৰ বিৰোধী সাংসদসকলৰ একত্ৰিত হওঁতেই সাংসদ কল্যাণ বেনাৰ্জীয়ে উপ-ৰাষ্ট্ৰপতিজনৰ আচাৰ ব্যৱহাৰ মিমিক্ৰি কৰা দেখা যায়। সাংসদ বেনাৰ্জীৰ অভিনয়ে উপস্থিত বিৰোধী সাংসদসকলক আমোদ দিলেও এই কাৰ্য অত্যন্ত নিম্ন মানসিকতাৰ পৰিচায়ক বুলি অভিহিত কৰিছে বিভিন্নজনে।