৩০ আগষ্টত মুকলি হ'ব মহানগৰীৰ মালিগাঁও উৰণীয়া সেতু। ৰামধেনু আকৃতিত নিৰ্মাণ কৰি উলিওৱা হৈছে মালিগাঁও উৰণীয়া সেতুখন। ইতিমধ্যেই উৰণীয়া সেতুখনৰ কাম প্ৰায় সম্পূৰ্ণ হৈছে। ২ বছৰ ৪ মাহ ধৰি এই উৰণীয়া সেতুখনৰ কাম-কাজ চলি আছিল।
কিছুদিন পূৰ্বে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে মালিগাঁও উৰণীয়া সেতুৰে নামাকৰণ কৰা হ'ব এই সেতুখন। কিন্তু এই সেতুখন 'কামেশ্বৰী সেতু' নামেৰে নামাকৰণ কৰাৰ দাবী কৰিছে পেট্ৰিয়টিক পিপলছ ফ্ৰণ্ট অসমে। কামাখ্যা মন্দিৰৰ প্ৰৱেশ দ্বাৰৰ পৰা আৰম্ভ কৰি মালিগাঁও অভিমুখে যোৱা এই উৰণীয়া সেতুখন দেৱী কামাখ্যাৰ নামেৰে নামাকৰণ কৰিবলৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক আহ্বান জনায়।