Taitan

টাইটানিকৰ দৰেই পৰিণতি হ'ল 'টাইটান'ৰ।  আটলাণ্টিকৰ গভীৰ গৰ্ভত টাইটানিকৰ ধ্বংসাৱশেষ চাবলৈ গৈ এই ছাব মেৰিনখনৰ ভিতৰতে চিৰদিনৰ বাবে শুই পৰিল ৫ গৰাকীকৈ যাত্ৰী। বৃহস্পতিবাৰে ৰিম'ট কন্ট্ৰ'লেৰে চালিত এখন যানেৰে টাইটানিকৰ পৰা ৫০০ মিটাৰ নিলগত এখন ছাবমেৰিনৰ ধ্বংসাবশেষ চিনাক্ত কৰে। আমেৰিকা যুক্তৰাষ্ট্ৰৰ উপকূলৰক্ষী বাহিনীয়ে নিশ্চিত কৰে যে এয়া টাইটান ছাবমেৰিনৰ ধ্বংসাৱশেষ আছিল। ধ্বংসাৱশেষ পৰীক্ষা কৰাৰ পিছত আমেৰিকা যুক্তৰাষ্ট্ৰৰ উপকূলৰক্ষী বাহিনীয়ে কয় যে দুৰ্ঘটনাৰ কাৰণ 'catastrophic implosion'। অৰ্থাৎ বিপৰ্যয়ত চূৰ্ণ–বিচূৰ্ণ হৈ গৈছে টাইটান। বিশেষজ্ঞসকলৰ ধাৰণা, মহাসাগৰৰ গভীৰত জলস্তম্ভৰ চাপতে এই পৰিণতি টাইটানৰ।