টাইটানিকৰ দৰেই পৰিণতি হ'ল 'টাইটান'ৰ। আটলাণ্টিকৰ গভীৰ গৰ্ভত টাইটানিকৰ ধ্বংসাৱশেষ চাবলৈ গৈ এই ছাব মেৰিনখনৰ ভিতৰতে চিৰদিনৰ বাবে শুই পৰিল ৫ গৰাকীকৈ যাত্ৰী। বৃহস্পতিবাৰে ৰিম'ট কন্ট্ৰ'লেৰে চালিত এখন যানেৰে টাইটানিকৰ পৰা ৫০০ মিটাৰ নিলগত এখন ছাবমেৰিনৰ ধ্বংসাবশেষ চিনাক্ত কৰে। আমেৰিকা যুক্তৰাষ্ট্ৰৰ উপকূলৰক্ষী বাহিনীয়ে নিশ্চিত কৰে যে এয়া টাইটান ছাবমেৰিনৰ ধ্বংসাৱশেষ আছিল। ধ্বংসাৱশেষ পৰীক্ষা কৰাৰ পিছত আমেৰিকা যুক্তৰাষ্ট্ৰৰ উপকূলৰক্ষী বাহিনীয়ে কয় যে দুৰ্ঘটনাৰ কাৰণ 'catastrophic implosion'। অৰ্থাৎ বিপৰ্যয়ত চূৰ্ণ–বিচূৰ্ণ হৈ গৈছে টাইটান। বিশেষজ্ঞসকলৰ ধাৰণা, মহাসাগৰৰ গভীৰত জলস্তম্ভৰ চাপতে এই পৰিণতি টাইটানৰ।
ওচেনগেট অভিযান সংস্থাৰ দ্বাৰা পৰিচালিত ২১ ফুট বা ৬.৫ মিটাৰৰ ছাবমেৰিনখনে দেওবাৰে অৱতৰণ কৰা আৰম্ভ কৰে। কিন্তু দুঘণ্টাৰ ভিতৰত ইয়াৰ সৈতে সকলো সম্পৰ্ক বিচ্ছিন্ন হয়। যাত্ৰাৰ আৰম্ভণিতে ছাবমেৰিনখনত ৯৬ ঘণ্টাৰ বাবে অক্সিজেন মজুত আছিল। কিন্তু যাত্ৰা আৰম্ভ কৰাৰ কেইটামান ঘণ্টাৰ পিছতে জাহাজখনৰ সৈতে যোগাযোগ বিচ্ছিন্ন হৈ যায়।
টাইটানখনত ইউকেৰ বিনিয়োগ প্ৰতিষ্ঠান একচন গ্ৰুপৰ প্ৰতিষ্ঠাপক ৫৮ বছৰীয়া হামিশ হাৰ্ডিং, ফ্ৰান্সৰ সামুদ্ৰিক বিশেষজ্ঞ ৭৭ বছৰীয়া পল-হেনৰী নাৰ্জিওলেট, ৱাশ্বিংটন স্থিত ওচেনগেট ইনক.-ৰ এভাৰেটৰ মুখ্য কাৰ্যবাহী বিষয়া ৬১ বছৰীয়া ষ্টকটন ৰাছ (যিয়ে অভিযানটো চলাইছিল), আৰু পাকিস্তানৰ অন্যতম বিশিষ্ট পৰিয়ালৰ পিতৃ আৰু পুত্ৰ ক্ৰমে ৪৮ বছৰীয়া শ্বাহজাদা দাউদ আৰু ১৯ বছৰীয়া চুলেমান দাউদ আছিল।
মাৰ্কিন উপকূলৰক্ষী বাহিনীয়ে নিহতসকলৰ পৰিয়ালৰ প্ৰতি গভীৰ সমবেদনা জনাইছে। কিন্তু তেওঁলোকৰ মৃতদেহ উদ্ধাৰ কৰাটো খুবেই কঠিন কাম বুলি ধাৰণা কৰিছে বিশেষজ্ঞসকলে। কানাডাৰ নিউফাউণ্ডলেণ্ড উপকূলত 'টাইটান' ৰ সন্ধানত আটলাণ্টিকত অভিযান চলাইছে মাৰ্কিন আৰু কানাডিয়ান উপকূলৰক্ষী বাহিনীয়ে।
- Log in to post comments