অসমৰ সমষ্টি পুনৰ নিৰ্ধাৰণৰ খচৰা প্ৰকাশ কৰিলে নিৰ্বাচন আয়োগে। খচৰা প্ৰকাশৰ লগে লগে চৌদিশে সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ। সমষ্টি পুনৰ নিৰ্ধাৰণত বিধানসভা-লোকসভা সমষ্টিৰ সংখ্যা কম বা বেছি হোৱা নাই। অসমত ১২৬টা বিধানসভা সমষ্টি থাকিব। বিধানসভাত ২৪টা সমষ্টি বিলোপ কৰি গঠন কৰা হৈছে ২৪টা নতুনকৈ সমষ্টি।
উল্লেখ্য যে, বিধানসভাত STৰ বাবে সংৰক্ষিত সমষ্টি ১৯টালৈ বৃদ্ধি কৰা হৈছে। আনহাতে বিধানসভাত SCৰ বাবে সংৰক্ষিত সমষ্টিৰ সংখ্যা ৯টালৈ বৃদ্ধি আৰু বিধানসভাৰ ৯৮টা সমষ্টি অসংৰক্ষিত কৰি ৰখাৰ প্ৰস্তাৱ দিয়া হৈছে উক্ত খচৰাত।
অসমৰ কোন কেইটা লোকসভা সমষ্টিত কোনকেইটা বিধানসভা সমষ্টি হ'ব জানো আহক–