অসমৰ সমষ্টি পুনৰ নিৰ্ধাৰণৰ খচৰা প্ৰকাশ কৰিলে নিৰ্বাচন আয়োগে। খচৰা প্ৰকাশৰ লগে লগে চৌদিশে সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ। সমষ্টি পুনৰ নিৰ্ধাৰণত বিধানসভা-লোকসভা সমষ্টিৰ সংখ্যা কম বা বেছি হোৱা নাই। অসমত ১২৬টা বিধানসভা সমষ্টি থাকিব। বিধানসভাত ২৪টা সমষ্টি বিলোপ কৰি গঠন কৰা হৈছে ২৪টা নতুনকৈ সমষ্টি।
উল্লেখ্য যে, বিধানসভাত STৰ বাবে সংৰক্ষিত সমষ্টি ১৯টালৈ বৃদ্ধি কৰা হৈছে। আনহাতে বিধানসভাত SCৰ বাবে সংৰক্ষিত সমষ্টিৰ সংখ্যা ৯টালৈ বৃদ্ধি আৰু বিধানসভাৰ ৯৮টা সমষ্টি অসংৰক্ষিত কৰি ৰখাৰ প্ৰস্তাৱ দিয়া হৈছে উক্ত খচৰাত।
অসমৰ কোন কেইটা লোকসভা সমষ্টিত কোনকেইটা বিধানসভা সমষ্টি হ'ব জানো আহক–
কাজিৰঙা- কলিয়াবৰ, বঢ়মপুৰ, বীনাকান্দি, হোজাই, লামডিং, গোলাঘাট, দেৰগাঁও, বোকাখাত, খুমটাই, সৰুপথাৰ
শোণিতপুৰঃ ঢেকিয়াজুলি, বৰচলা, তেজপুৰ, ৰঙাপৰা, চতিয়া, বিশ্বনাথ, বিহালী(SC), গহপুৰ, বিহপুৰীয়া
লখিমপুৰ- ৰঙানদী, নাওবৈচা(SC), লখিমপুৰ, ঢকুৱাখনা(ST), ধেমাজি(ST), চিচিবৰগাঁও, জোনাই(ST), শদিয়া, ডুমডুমা
ডিব্ৰুগড়- মাৰ্ঘেৰিটা, ডিগবৈ, মাকুম, তিনিচুকীয়া, চাবুৱা, ডিব্ৰুগড়, মৰাণ, দুলীয়াজান, টিংখাং, নাহৰকটীয়া
যোৰহাট- সোণাৰি, মাহমৰা, ডিমৌ, শিৱসাগৰ, নাজিৰা, মাজুলী(SC),টীয়ক, যোৰহাট, মৰিয়নী, তিতাবৰ
কোকৰাঝাৰ (ST)- গোসাঁইগাঁও, দতমা, কোকৰাঝাৰ (ST),বাওখুংৰী, পবৰ্তঝৰা, ছিদলী-চিৰাং (ST), বিজনী, গোৱৰ্ধনা, বাক্সা (ST)
ধুবুৰী- গোলকগঞ্জ, গৌৰীপুৰ, ধুবুৰী, মানকাচৰ, বিলাসীপাৰা, দক্ষিণ শালমাৰা, জলেশ্বৰ, পূৱ গোৱালপাৰা, মানিকপুৰ, মন্দিয়া, চেঙা
বৰপেটা- অভয়াপুৰী, বঙাইগাওঁ, ভৱানীপুৰ, বৰপেটা(SC), ৰূপসী, বজালী, হাজো(SC), বৰক্ষেত্ৰী, নলবাৰী, টিহু
দৰং- তামলপুৰ(ST), গোৰেশ্বৰ, ৰঙিয়া, কমলপুৰ, ভেৰগাওঁ, ওদালগুৰি(ST), মাজবাট, টংলা, ছিপাঝাৰ, মঙলদৈ, দলগাওঁ
গুৱহাটীঃ পশ্চিম গোৱালপাৰা(ST), দুধনৈ(ST), ছমৰীয়া, বকো(ST), পলাশবাৰী, দিছপুৰ, ডিমৰীয়া(SC), নতুন গুৱাহাটী, মধ্য গুৱাহাটী, জালুকবাৰী
ডিফু(ST)- বোকাজান(ST), হাওৰাঘাট(ST), ডিফু(ST), ৰংখাং(ST), আমৰী(ST), হাফলং(ST)
কৰিমগঞ্জ- হাইলাকান্দি, আলগাপুৰ, বদৰপুৰ, উত্তৰ কৰিমগঞ্জ, দক্ষিণ কৰিমগঞ্জ, ৰাতাবাড়ী(SC)
শিলচৰ(SC)- লক্ষীপুৰ, উদাৰবন্দ, কাটিগড়া, বৰখলা, শিলচৰ, সোণাই, নৰসিংপুৰ(SC)
নগাওঁ- জাগীৰোড(SC), লাহৰীঘাট, মৰিগাঁও, বটদ্ৰৱা, ৰূপহীহাট, চামগুৰি, নগাঁও, ৰহা(SC)
- Log in to post comments