অভিশপ্ত এটা নিশা। যি নিশাই কাঢ়ি নিলে হাজাৰটা পৰিয়ালৰ সুখ। শুক্ৰবাৰে ওড়িশাত সংঘটিত ট্ৰেজিক ৰেল দুৰ্ঘটনাত প্ৰাণ গল ২৮০ ৰো অধিক লোকৰ। আহত হল ৯০০ তকৈও অধিক লোক। এতিয়া অব্যাহত আছে উদ্ধাৰকাৰী অভিযান। অভিযানৰ মাজতেই উদ্ধাৰ হৈছে এখন বহী য'ত লিখা আছে আপোনজনৰ বাবে এক কবিতা। হয়তো কোনোবা প্ৰেমিক/প্ৰেমিকাই নিজৰ প্ৰিয় জনলৈ লিখিছিল এই কবিতা। বাংলা কবিতাটি ,'অলপো অলপো মেঘ টেকে বৃষ্টি সৃষ্টি হয়, ছোট্টো সৰুতো গোলপো ঠেকে ভালোবাচা সৃষ্টি হয়। মাৰাঠী ভাষাত ইয়াৰ অৰ্থ হৈছে বৰষুণৰ সৃষ্টি সৰু সৰু ডাৱৰৰ পৰা, প্ৰেমৰ সৃষ্টি সৰু সৰু বস্তুৰ পৰা। কিন্তু এই বহীখন কাৰ, কবিতাৰ ৰচক কোন সেই কথা জানিব পৰা হোৱা নাই। এই কবিত
- Today is: