অভিশপ্ত এটা নিশা। যি নিশাই কাঢ়ি নিলে হাজাৰটা পৰিয়ালৰ সুখ। শুক্ৰবাৰে ওড়িশাত সংঘটিত ট্ৰেজিক ৰেল দুৰ্ঘটনাত প্ৰাণ গল ২৮০ ৰো অধিক লোকৰ। আহত হল ৯০০ তকৈও অধিক লোক। এতিয়া অব্যাহত আছে উদ্ধাৰকাৰী অভিযান। অভিযানৰ মাজতেই উদ্ধাৰ হৈছে এখন বহী য'ত লিখা আছে আপোনজনৰ বাবে এক কবিতা। হয়তো কোনোবা প্ৰেমিক/প্ৰেমিকাই নিজৰ প্ৰিয় জনলৈ লিখিছিল এই কবিতা। বাংলা কবিতাটি ,'অলপো অলপো মেঘ টেকে বৃষ্টি সৃষ্টি হয়, ছোট্টো সৰুতো গোলপো ঠেকে ভালোবাচা সৃষ্টি হয়। মাৰাঠী ভাষাত ইয়াৰ অৰ্থ হৈছে বৰষুণৰ সৃষ্টি সৰু সৰু ডাৱৰৰ পৰা, প্ৰেমৰ সৃষ্টি সৰু সৰু বস্তুৰ পৰা। কিন্তু এই বহীখন কাৰ, কবিতাৰ ৰচক কোন সেই কথা জানিব পৰা হোৱা নাই। এই কবিতাৰ সঠিকভাৱে কাৰ বাবে লিখা সেই কথাও জানিব পৰা হোৱা নাই। কবিতাত কেৱল প্ৰকাশ পাইছে কবিৰ অনুভৱ আৰু প্ৰেমৰ আকাংক্ষা। এই অভিশপ্ত ৰে'ল দুৰ্ঘটনাতে যেন মৰহি গ'ল অযুত সপোন। অৱশ্যে এই কবিতাৰ কবি জীয়াই আছে নে নাই কোনেও ক'ব নোৱাৰে। সামাজিক মাধ্যমত মাত্ৰ ভাইৰেল হৈ পৰিছে প্ৰেমপত্ৰ, কবিতা আৰু এটা ভগা পুতলা। সকলোৰে মাত্ৰ এটাই প্ৰাৰ্থনা ভগৱানে কুশলে ৰাখক এই সামগ্ৰীৰ গৰাকীক।
- Log in to post comments