Sangeeta Dutta Child incident

অৱশেষত ন্যায়িক জিম্মালৈ প্ৰেৰণ ডাঃ সংগীতা দত্তক। শিশু নিৰ্যাতনত অভিযুক্ত চিকিৎসক গৰাকীক আজি POSCO আদালতত হাজিৰ কৰিছিল। আৰক্ষী জিম্মাৰ ম্যাদ উকলিলত হাজিৰ কৰা হৈছিল আদালতত। আদালতৰ ৰায়দানত ন্যায়িক জিম্মালৈ প্ৰেৰণ সংগীতা দত্তক। ইতিমধ্যে আন তিনি অভিযুক্ত ডাঃ ৱালিউল ইছলাম, লক্ষ্মী ৰায় আৰু কাবাইকো প্ৰেৰণ কৰা হৈছিল ন্যায়িক জিম্মালৈ।